আৰক্ষীৰ বৰঘৰত কৰ্মচাৰীয়ে উভটি ধৰিলে অধিনায়কক

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:48 PM IST

thumbnail

দেৰগাঁও, 2 মাৰ্চ : দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ ভিতৰচ'ৰাৰ বিটিচিত শনিবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । বিটিচিৰ অধিনায়ক গৌৰৱ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অধিনায়কৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে সৃষ্টি কৰিলে এক উত্তপ্ত পৰিস্থিতিৰ ।

কৰ্মচাৰীসকলৰ অভিযোগ তলতীয়া কৰ্মচাৰীক অত্যন্ত বেয়া ব্যৱহাৰ কৰে অধিনায়ক গৌৰৱ আগৰৱালাই । সৰু সৰু কথাতে দুৰ্ব্যৱহাৰ কৰে কৰ্মচাৰীৰ লগতে জোৱানসকলক । যাৰ ফলশ্ৰুতিত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল । ইতিমধ্যেই অসন্তুষ্ট আৰক্ষীৰ লোকসকলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙলৈ বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত সকলো ভুক্তভোগী কৰ্মচাৰীৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে ৷ অধিনায়কগৰাকীক এই সংক্ৰান্তত মন্তব্য বিচৰা হৈছিল যদিও মন্তব্য দিয়াৰ পৰা বিৰত থাকে অধিনায়কজন ।

লগতে পঢ়ক :  দেৰগাঁৱত চিকিৎসকৰ ঘৰৰ পৰা চোৰে লুটিলে বহু লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.