মূল একাদশত স্থায়ীভাৱে থাকি ভাল প্ৰদৰ্শন কৰিব ৰিয়ান পৰাগে : প্ৰৱল আশাবাদী অসম ক্ৰিকেট সন্থা - Assam Cricket Association - ASSAM CRICKET ASSOCIATION
🎬 Watch Now: Feature Video
Published : Jul 19, 2024, 9:14 PM IST
ডিব্ৰুগড়, 19 জুলাই : শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আৰু T-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভূক্ত হ’ল অসমসন্তান ৰিয়ান পৰাগ ৷ ইয়াকে লৈ এতিয়া গৌৰৱান্বিত অসমৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমী ৷ এই শৃংখলাৰ বাবে ভাৰতীয় জাতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগে স্থান লাভ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ৷
অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা নাহৰকটীয়াৰ বিধায়কগৰাকীয়ে এই সম্পৰ্কত কয় যে, বেটছমেন হিচাপে ৰিয়ান পৰাগক এক সুন্দৰ সুযোগ দিয়া হৈছে ৷ জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা T-20 শৃংখলাৰ পিচত ভাল প্ৰদৰ্শনৰ বাবে পুনৰ সুযোগ দিয়া হৈছে ৷ ৰিয়ান পৰাগে ভাৰতৰ মূল একাদশত স্থায়ীভাৱে থাকি ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী ৷
উল্লেখ্য যে, 2024বৰ্ষত আই পি এলত কৰা প্ৰদৰ্শনৰ পিচতে ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰে ৰিয়ান পৰাগে ৷ জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা 5 খনীয়া আন্তঃৰাষ্ট্ৰীয় T-20ত ৰিয়ান পৰাগে স্থান লাভ কৰি ভাৰতৰ হৈ অভিষেক ঘটাইছিল ৷ অৱশ্যে এই শৃংখলাৰ তিনিখন মেচ খেলা খেলুৱৈগৰাকীয়ে বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰিলেও শ্ৰীলংকাৰ বিৰুদ্ধে T-20 আৰু এদিনীয়া শৃংখলাত পুনৰ সুযোগ দিয়া হৈছে তেওঁক ৷
লগতে পঢ়ক : পুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ : শ্ৰীলংকাৰ বিৰুদ্ধে T-20 আৰু এদিনীয়া দলত স্থান লাভ - Riyan Parag