শ্যাম গাঁৱত মুখ্যমন্ত্ৰীৰ নিশাৰ আহাৰ: টোপোলা ভাত-বনশাকৰ আঞ্জা - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 7:32 PM IST

সৰুপথাৰ, 14 ফেব্ৰুৱাৰী : সৰুপথাৰৰ শ্যাম গাঁৱত বুধবাৰে উপস্থিত হ’ল মুখ্যমন্ত্ৰী । গাঁও চলো অভিযানৰ অংশ হিচাপে সৰুপথাৰ সমষ্টিৰ ১ নং ৰজাপুখুৰী শ্যাম গাঁৱত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ আগমণক লৈ ব্যাপক ভিৰ পৰিলক্ষিত হয় সৰুপথাৰৰ ৰাজপথত ৷

বহু প্ৰতিক্ষাৰ অনন্ত শ্যাম গাঁওবাসীৰ মাজত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় । মুখ্যমন্ত্ৰীক দেখা পাই গাঁওবাসী উৎফুল্লিত হৈ পৰে । বাইক ৰেলীৰে দলীয় কৰ্মীসকলে উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক আদৰি আনে শ্যাম গাঁৱলৈ । বৌদ্ধ ধৰ্মাৱলম্বী গাঁৱখনত বহুমূলীয়া ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সন্ধিয়ালৈ উপাসনাৰ অন্তত আকাশ বন্তি প্ৰজ্বলন কৰা হয়  । বুধবাৰৰ নিশাটো এই গাঁওখনতে যাপন কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই । চাংঘৰত নৈশ যাপন কৰি ৰাইজৰ সৈতে তেওঁ মত-বিনিময় কৰাৰ কথা । মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে ৰন্ধা হৈছে পৰম্পৰাগত খাদ্য ৷ খাদ্যৰ তালিকাত আছে খৰিকাত দিয়া মাংস, বইল মাছ, বনশাক, টোপোলা ভাতকে আদি কৰি বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু সৰুপথাৰ শ্যাম গাঁৱৰ ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.