কৃত্ৰিম সামগ্ৰীৰ চমকে দূৰলৈ ঠেলিছে নেকি পোৰা মিঠাতেলৰ সুবাস লাগি থকা মাটিৰ চাকিগছি ! - CLAY LAMPS PREPARED
🎬 Watch Now: Feature Video
Published : Oct 29, 2024, 2:10 PM IST
টীয়ক: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুদিন । ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ । ব্যতিক্ৰম নহয় যোৰহাটৰ চেলেংহাটৰ কলিয়াপানী অঞ্চল । চেলেংহাটৰ কলিয়াপানীৰ মৃৎশিল্পীসকল এতিয়া ঘৰে ঘৰে ব্যস্ত মাটিৰ চাকি প্ৰস্তুত কৰাত । বহুতো সমস্যা আৰু প্ৰত্যাহ্বানৰ মাজত এই শিল্পটো জীয়াই ৰাখিছে চেলেংহাটৰ কলিয়াপানীৰ মৃৎশিল্পীসকলে ।
পূৰ্বে দীপাৱলীৰ সময়ত লাখ লাখ মাটিৰ চাকি বিক্ৰী হৈছিল যদিও এইবাৰ বিক্ৰী খুব ভাল নহয় । প্ৰতিকূল বতৰ, বজাৰত চীনা লাইটৰ প্ৰয়োভৰৰ লগতে মিঠাতেলৰ অত্য়াধিক মূল্য়বৃদ্ধিয়ে এইসকল মৃৎশিল্পীৰ বজাৰ প্ৰায় শেষ কৰাৰ উপক্ৰম ঘটিছে । চৰকাৰীভাৱেও এই শিল্পসকলক জীয়াই ৰাখিবলৈ কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে একাংশ মৃৎশিল্পীয়ে ।
চেলেংহাটৰ কলিয়াপানী অঞ্চলৰ প্ৰায়সংখ্যক লোকেই মৃৎশিল্পৰ সৈতে জড়িত । এই উৎসৱৰ সময়তো এইসকল লোকে দুবেলা দুসাঁজ অন্নৰ বাবে চিন্তিত হৈ পৰিছে । এজন মৃৎশিল্পয়ে ক্ষোভ প্ৰকাশ কৰি কয়, "আমি কোনোমতে খাই বৈ জীয়াই আছো ।"