ফিল'বাৰীত শতাধিক শিক্ষাৰ্থীৰ মাজত লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী - Educational program in Tinsukia
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 12 জুলাই: সমগ্ৰ শিক্ষা, তিনিচুকীয়া আৰু তিনিচুকীয়া জিলা অধিবিদ্যা পৰিষদৰ যুটীয়া উদ্যোগত মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক লগত লৈ ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ‘কথোপকথন’ নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী ৷ চৌধুৰীয়ে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে ।
লোকসেৱা আয়োগৰ অধ্যক্ষজনে ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে এজন সৎ, নিষ্ঠাবান নাগৰিক হ'বলৈ কেনেদৰে অধ্যয়নত মনোযোগ দিব, কি কি পথ অৱলম্বন কৰিব আদি বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে । ফিল'বাৰী অঞ্চলৰ প্ৰায় সংখ্যক মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানটো এক সুন্দৰ তথা সমগ্ৰ শিক্ষা, তিনিচুকীয়া আৰু তিনিচুকীয়া জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আয়োজিত এক উল্লেখযোগ্য অনুষ্ঠান বুলি অভিভাৱকসকলে অনুভৱ প্ৰকাশ কৰিছে ।