নগাঁৱত দুৰ্নীতি নিবাৰকৰ জালত APDCL ৰ কৰ্মচাৰী - Anti corruption raid in Nagaon
🎬 Watch Now: Feature Video


Published : Mar 18, 2024, 2:30 PM IST
নগাঁও, 18 মাৰ্চ: দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ধাৰাবাহিক অভিযান অব্যাহত ৷ অৱশ্যে ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া, কৰ্মচাৰীয়ে সামৰিব পৰা নাই উৎকোচৰ লোভ । নগাঁৱত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এগৰাকী চৰকাৰী কৰ্মচাৰী ।
উৎকোচ লোৱাৰ সময়তেই নগাঁৱৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এগৰাকী কৰ্মচাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাৰ এটা দলে । ধৃত কৰ্মচাৰীজনৰ নাম নন্দ হাজৰিকা বুলি জানিব পৰা গৈছে । নিজ বাসগৃহতেই উৎকোচ লোৱাৰ সময়তেই গ্ৰেপ্তাৰ শাখাই গ্ৰেপ্তাৰ কৰে হাজৰিকাক ।
নগাঁৱৰ 2 নং সংমণ্ডলত ছুইটছ ব’ৰ্ড অপাৰেটৰ হিচাপে কৰ্মৰত হৈ আছে হাজৰিকা । উৎকোচ বিচৰাৰ অভিযোগ লাভ কৰাৰ পিছতেই দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাৰ দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীজনক ।
সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাৰ দলে ।
লগতে পঢ়ক: দুৰ্নীতি নিবাৰক শাখাৰ দলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা বেংক বিষয়াৰ