কোকৰাঝাৰত জ্যেষ্ঠ সহায়ক-শিক্ষা বিষয়াৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান - Anti Corruption Raid in Kokrajhar - ANTI CORRUPTION RAID IN KOKRAJHAR
🎬 Watch Now: Feature Video


Published : Apr 2, 2024, 10:36 PM IST
কোকৰাঝাৰ, ২ এপ্ৰিল: কোকৰাঝাৰ সদৰ চহৰৰ ৰবীন্দ্ৰ নগৰত চলিল অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ ধুবুৰী জিলাৰ গোলকগঞ্জ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৱকৃষ্ণ ৰায়ৰ কোকৰাঝাৰস্থিত বাসগৃহত এই অভিযান চলে ।
গোলকগঞ্জ খণ্ড প্ৰাথমিক উচ্চবৰ্গৰ সহায়ক দপেন্দ্ৰ নাথ ব্ৰহ্মৰ সৈতে মিলি দুৰ্নীতি কৰা বুলি উত্থাপিত হোৱা অভিযোগৰ ভিত্তিতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৱকৃষ্ণ ৰায়ৰ বাসগৃহত অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় ৷ কোকৰাঝাৰত অভিযান চলোৱাৰ পিচত নৱকৃষ্ণ ৰায়ৰ কোকৰাঝাৰ জিলাৰ বলদিয়াবাথানতো আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে চাকৰিৰ খতিয়ান বহী নবীকৰণৰ বাবদ উচ্চ বৰ্গৰ সহায়ক দপেন্দ্ৰ নাথ ব্ৰহ্মৰ সৈতে মিলি ধন সংগ্ৰহ কৰাৰ অভিযোগ নৱকৃষ্ণ ৰায়ৰ বিৰুদ্ধে উত্থাপিত হৈছে । ইপিনে নৱকৃষ্ণ ৰায়ৰ সহধৰ্মিনীয়ে অভিযোগ কৰা মতে উচ্চবৰ্গৰ সহায়কজনৰ ষড়যন্ত্ৰৰ বলি হৈছে তেওঁৰ স্বামী । প্ৰতিটো কোঠা, মন্দিৰ, আলমাৰীত চলাথ কৰি অভিযানকাৰী দলটোৱে একো নাপালে যদিও মাটিৰ কাগজ লৈ যোৱা বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে নৱকৃষ্ণ ৰায়ৰ সহধৰ্মিনীয়ে ।
লগতে পঢ়ক: এইবাৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ গাণনিক বিষয়াই দাঙিলে হাত