উপায়বিহীন জনতা ! জৰাজীৰ্ণ দলঙেৰে অব্যাহত যাতায়ত - bridge above the Harang river - BRIDGE ABOVE THE HARANG RIVER
🎬 Watch Now: Feature Video


Published : Apr 21, 2024, 7:02 AM IST
শিলচৰ, 21 এপ্ৰিল: ডাবল ইঞ্জিন চৰকাৰৰ দিনত বিকাশ-উন্নয়ন হোৱা বুলি দাবী কৰি অহাৰ সময়তে চৰকাৰখনৰ ফোপোলা স্বৰূপ পৰিলক্ষিত হৈছে শিলচৰত ৷ যাতায়ত নিষিদ্ধ জাৰি কৰা দলঙৰ ওপৰেৰেই বিপদ সংকুলতাৰে যাতায়ত কৰিবলগীয়া হৈছে জনতাই ৷ জিলাখনৰ কালাইন সংযোগী পথৰ ভাঙ্গাৰপাৰত হাৰাং নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলংখনৰে লোকনিৰ্মাণ বিভাগে চলাচল বন্ধ কৰিবৰ বাবে জাননী আঁৰি দিছে যদিও উপায়বিহীন জনতাই উক্ত দলংখনেৰেই যাতায়ত কৰিবলগীয়াত পৰিছে ৷
অঞ্চলটোৰ ভুক্তভোগী ৰাইজে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয়, "শিলচৰ-কালাইন ৰোডৰ মাজত আছে এই দলংখন । ৰাইজে যাতায়ত কৰাৰ বাবে এইখনেই একমাত্ৰ দলং । কংগ্ৰেছ চৰকাৰৰ সময়ত এই দলংখন নিৰ্মাণ কৰা হৈছিল । বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ থাকিও এখন দলং মেৰামতি কৰিব পৰা নাই । 5 দিনৰ ভিতৰত যদি এই দলঙৰ মেৰামতিৰ কাম আৰম্ভ নহয়, তেনেহ’লে চলি থকা লোকসভা নিৰ্বাচনত আমি ভোট বয়কট কৰিম ।"
লগতে পঢ়ক: খিলঞ্জীয়া চৰকাৰৰ দিনত ভূমি পট্টাৰ দাবীত ভোট বৰ্জন নাগৰিকৰ - Lok sabha Election 2024