thumbnail

মঙলবাৰে পুৱাই নাৰেংগীত হৈ চৈ : যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Mysterious Death

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:25 PM IST

গুৱাহাটী,২৩ জুলাই: নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগী কলংপাৰ বজাৰৰ সমীপৰ এটা নলাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । মঙলবাৰে দিনৰ ভাগত নাৰেংগী কলংপাৰ বজাৰলৈ অহা কোনো লোকে নলাৰ ভিতৰত যুৱক এজনৰ মৃতদেহ প্রত্যক্ষ কৰি স্থানীয় নুনমাটি আৰক্ষীক খবৰ দিয়াৰ পিচত ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ নলাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো নাৰেংগী অনুকূল বস্তিৰ ছাইদুল আলী বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশাৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন ।  

মৃত যুৱকজনৰ জেষ্ঠ ভাতৃয়ে জানোৱা অনুসৰি সোমবাৰে পুৱাৰ ভাগত ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছিল ছাইদুল আলী নামৰ যুৱকজন । মঙলবাৰে পুৱা নাৰেংগীৰ এটা নলাৰ ভিতৰত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে কেইজনমান লোকে । একাংশ লোকে জনোৱা অনুসৰি ড্ৰাগছ আসক্ত ছাইদুল সোমবাৰে কেইবাজনো বন্ধুৰ একেলগে ঘূৰি আছিল । গতিকে যুৱকজনৰ কোনো লগৰীয়াই আন ঠাইত হত্যা কৰি এই স্থানত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰে । তদুপৰি আন একাংশ লোকে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ বাবে নিশা গৃহ অভিমুখে আহি থকা অৱস্থাত কেনেবাকৈ নলাত পৰি যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে । 

লগতে পঢ়ক: ভোগদৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ : অঞ্চলজুৰি চাঞ্চল্য - DEADBODY RECOVERED

নলবাৰীত ৰহস্যজনকভাৱে কিশোৰীৰ মৃতদেহ উদ্ধাৰ; আত্মহত্যাৰ সন্দেহ - Girl body found

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.