thumbnail

ৰোগী থ’বলৈ আহি মাজুলীৰ পুৰণিবাৰীত দুৰ্ঘটনাত পতিত হ’ল এম্বুলেন্স - Accident in Majuli

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 8:49 PM IST

মাজুলী, 14 জুলাই : দেওবাৰে মাজুলীৰ পুৰণিবাৰীত দুৰ্ঘটনাত পতিত হয় এখন এম্বুলেন্স ৷ কথমপি প্ৰাণৰক্ষা পৰে এম্বুলেন্সখনৰ দুজন চালকৰ ৷ সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এম্বুলেন্সখনত নাছিল কোনো ৰোগী ৷ জানিব পৰা মতে, ৰ্ঘটনাত পতিত হোৱা এম্বুলেন্সখনৰ নম্বৰ হৈছে AS O3 BC 5634 ৷

বিৱৰণি অনুসৰি, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা বগীবিল হৈ মাজুলীৰ বনগাঁৱত এজন ৰোগীক এই এম্বুলেন্সখনৰ জৰিয়তে থ'বলৈ আহিছিল ৷ ৰোগীজন থৈ উভতি যোৱাৰ পথতে পুৰণিবাৰীত দুৰ্ঘটনাত পতিত হয় এম্বুলেন্সখন ৷ ফলত এম্বুলেন্সখন পানীত পৰি যায় ৷ স্থানীয় লোকৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে এম্বুলেন্সখনৰ দুজন চালকৰ ৷

স্থানীয় লোক জনোৱা মতে, সম্ভৱত গোটেই নিশা টোপনি ক্ষতি কৰি গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় । আনহাতে, এম্বুলেন্সখনৰ চালক এজনে জনোৱা মতে, হঠাৎ গাড়ীখনৰ ষ্টেৰিং লক হোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক : স্কুল বাছ দুৰ্ঘটনা: কথমপি প্ৰাণৰক্ষা শিক্ষাৰ্থীৰ - Moving school bus fell down

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.