নিৰ্বাচনৰ কামত নিয়োজিত কৰ্মচাৰীক নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 7:44 PM IST

thumbnail

লখিমপুৰ,১৯ এপ্ৰিল: উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত স্থাপন কৰা অস্থায়ী নিৰ্বাচন পৰিচালনা কেন্দ্রত আজি বিয়লিৰ ভাগত সৃষ্টি হয় এক উত্তাল পৰিৱেশ । জিলাখনৰ সামগ্রিক নিৰ্বাচন পৰিচালনা কৰা এই কেন্দ্রটোত নিৰ্বাচনৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে দুপৰীয়া নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন কৰে কৰ্মচাৰীসকলে । জিলা প্ৰশাসন হায় হায় শ্ল'গান দি কৰ্মচাৰীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । তেওঁলোকৰ অভিযোগ অনুসৰি এই খাদ্য খোৱাৰ ফলত বহু কৰ্মচাৰীয়ে পেটৰ গেছ আদি সমস্যাত আক্রান্ত হয় ।  

তেওঁলোকৰ তেনে অৱস্থা দেখা পাই আন একাংশই ভয়তে খাদ্যগ্ৰহণ কৰাৰ পৰা বিৰত থাকে বুলি জানিবলৈ দিয়ে । তেওঁলোকে নিম্নমানৰ খাদ্য সামগ্রী যোগান ধৰাৰ বাবে জিলা প্ৰশাসনক এক উচিত তদন্ত কৰিবলৈ দাবী জনায় । উল্লেখ্য বিগত সময়ৰ নিৰ্বাচনতো এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । ভোটগ্রহণ সমাপ্ত কৰি ই ভি এম লৈ ঘূৰি অহা নিৰাপত্তাৰক্ষীকে ধৰি একাংশ কৰ্মচাৰীয়ে তেওঁলোকক নিম্নমানৰ খাদ্য দিয়াৰ বাবে চকী-মেজ ভাঙি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল । এইবাৰ তেনে ঘটনাই পুনৰাবৃত্তি ঘটাৰ বাবে কৰ্মচাৰীসকলে এক তদন্ত দাবী কৰিছে । 

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বঢ়মপুৰৰ শালপাৰাত নিৰ্বাচনী হিংসা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.