অৰুণোদয় প্ৰ-পত্ৰ বিতৰণ, মাজুলীত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video


Published : Apr 4, 2024, 9:57 PM IST
মাজুলী, 4 এপ্ৰিল : মাজুলীত বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ ৷ নিৰ্বাচনৰ সময়ত অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিলোৱাৰ অভিযোগ মাজুলী বিজেপিৰ বিৰুদ্ধে ৷ মাজুলীৰ বিজেপি বিধায়ক ভুৱন গামে এখন সভাত অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
বিধায়ক ভুৱন গামৰ সভাত অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিলাই থকা অৱস্থাত সাংবাদিকৰ কেমেৰা দেখি প্ৰ-পত্ৰ বিলোৱা বন্ধ কৰে বিজেপি কৰ্মীসকলে ৷ আনহাতে এই বিষয়ে প্ৰশ্ন কৰাত বিধায়ক ভুৱন গামে কয় যে, কংগ্ৰেছৰ দিনত দৰিদ্ৰ মানুহক কিয় বুজি পোৱা নাছিল ৷ বিধায়কজনে লগতে দুখীয়া সকলক তেওঁলোকে সহায় কৰিছে, দুখীয়া মানুহক সহায় কৰাত আনে চকু দিব নালাগে বুলিও মন্তব্য কৰে ৷ ইফালে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ লাভ নকৰি ক্ষোভ প্ৰকাশ কৰে একাংশ মহিলাই ৷
লগতে পঢ়ক : পুনৰ অনিশ্চিত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ ! - Naba Kumar Sarania Press Meet