বি এল অ’ৰ বিৰুদ্ধে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 6, 2024, 9:28 PM IST

thumbnail
ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ (ETV BHARAT ASSAM)

বঙাইগাঁও, 6 মে’ : ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ ৷ বি এল অ’ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকে ৷ বঙাইগাঁও জিলাৰ হাপাছৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

ইশান আলী নামৰ এগৰাকী যুৱকৰ নাম ভোটাৰ তালিকাৰ পৰা বি এল অ’ই কৰ্তন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে ভুক্তভোগী ইশান আলীৰ ভোটাৰ তালিকাত নাম থকাৰ লগতে পূৰ্বে দুবাৰকৈ ভোট প্ৰদান কৰিছিল ৷ কিন্তু বি এল অ’ সুৰেজ চন্দ্ৰ বৰ্মন নামৰ ব্যক্তিজনে ভোটাৰ তালিকাৰ পৰা যুৱকজনৰ নাম কৰ্তন কৰা বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে ৷

নাম কৰ্তনৰ বাবে এইবাৰ ভোট প্ৰদানৰ পৰা বঞ্চিত হ’ব ইশান আলী ৷ সেয়েহে অভিযুক্ত বি এল অ’ৰ বিৰুদ্ধে প্ৰশাসনক বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৰাইজে ৷ 

লগতে পঢ়ক : বাক্সাত পৰিবহন কোষৰ দায়িত্বত থকা কৰ্মচাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.