নিষ্ঠুৰ : ডিঙিত ৰছীৰে বান্ধি বনকৰ্মীয়ে চোঁচৰাই নিলে প্ৰকাণ্ড অজগৰ - Python Rescued

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 4:40 PM IST

thumbnail
বনকৰ্মীৰ অমানৱীয় কাৰ্য (ETV Bharat Assam)

মানিকপুৰ, 20 জুলাই : পুনৰ চৰ্চালৈ আহিছে ৰাজ্যৰ বন বিভাগৰ একাংশ কাণ্ডজ্ঞানহীন বনকৰ্মীৰ কাৰ্য ৷ একাংশ বনকৰ্মীৰ অমানৱীয় কাৰ্যই হতচকিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক ৷ অভয়াপুৰী বন বিভাগৰ আজৱ কাণ্ডত এতিয়া চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷  

এডাল প্ৰকাণ্ড অজগৰ ৰছীৰে বান্ধি চোঁচৰাই নিলে বনকৰ্মীয়ে ৷ অজগৰডাল উদ্ধাৰ কৰি দাঙি নিয়াৰ পৰিৱৰ্তে একাংশ বনকৰ্মী ব্যস্ত থাকিল ম’বাইলত ভিডিঅ’ কৰাত ৷ দৃষ্টিকটুভাৱে অজগৰডালৰ ডিঙিত ৰছীৰে বান্ধি চোঁচৰাই নিলে কেইজনমান বনকৰ্মীয়ে ৷  

বঙাইগাঁৱৰ খগৰপুৰত উদ্ধাৰ কৰা হৈছিল এই প্ৰকাণ্ড অজগৰডাল ৷ অজগৰডালৰ দৈৰ্ঘ আছিল প্ৰায় 20 ফুট ৷ উদ্ধাৰ কৰা অজগৰটো এইদৰে চোঁচৰাই নিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত সেউজ মাণিকপুৰ নামৰ সংস্থাটোৰ সভাপতি মহীধৰ ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে বঙাইগাঁও জিলা বন বিভাগৰ সজাগতাৰ অভাৱ হৈছে ৷ বন বিভাগৰ লোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ আহ্বান মহীধৰ ৰায়ৰ ৷ 

লগতে পঢ়ক : মৃত হলৌ বান্দৰক ৰাজপথেৰে চোঁচৰাই নিয়া বনকৰ্মীক নিলম্বন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.