ঠিকাদাৰে অবৈধভাৱে খন্দা পুখুৰীত পৰি দুই কিশোৰৰ মৃত্যুৰ অভিযোগ - Death after falling into water - DEATH AFTER FALLING INTO WATER
🎬 Watch Now: Feature Video


Published : Jun 11, 2024, 9:43 PM IST
|Updated : Jun 11, 2024, 9:50 PM IST
যোৰহাট, 11 জুন: শনিবাৰে মৰিয়নী থানাৰ অন্তৰ্গত কাকজান চাহ বাগিচাত সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা । নাগিনীজান বাগিচাৰ ৰাজু ভূমিজ (১২) আৰু সঞ্জয় মানকি (১৩) নামৰ দুজন কিশোৰ হীৰালাল কুর্মী নামৰ ব্যক্তিজনৰ পথাৰত থকা এটা পুখুৰীত পৰি সলিল সমাধি ঘটে ৷ এটা পথ নিৰ্মাণৰ বাবে ঠিকাদাৰ ৰাজু আগৰৱালাই এক্সকেভেটৰেৰে অবৈধভাৱে মাটি খন্দাৰ ফলত উক্ত পুখুৰীটো সৃষ্টি হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷
ঠিকাদাৰে অবৈধভাৱে খন্দা পুখুৰীত পৰি দুটি কণমানিয়ে আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লোৱা ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি পৰিয়ালৰ লোকে দেবেৰাপাৰ আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰে ৷ কিন্তু এজাহাৰ দাখিল কৰা পিচতো আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ সঁহাৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ।
উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পিচতেই দ পুখুৰীটোৰ পাৰত পুৰণা জেওৰা লগাই দিছিল মাটিৰ গৰাকীয়ে । মঙলবাৰে স্থানীয় ৰাইজে সেই জেওৰা উঠাই প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তেজিত হৈ পৰে ৷ ঠিকাদাৰে নীতি বৰ্হিভূতভাৱে এক্সকেভেটৰেৰে খন্দা পুখুৰীত পৰি দুই কিশোৰে মৃত্যুক আকোঁৱালি লোৱা ঘটনাৰ উচিত ন্যায় নোপোৱালৈকে পৰিয়াল তথা স্থানীয় ৰাইজ ক্ষান্ত নোহোৱাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক: একেদিনাই চাৰিটি কণমানিৰ সলিল সমাধি : মৰিয়নীত কান্দোনৰ ৰোল