মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ - Moran Students Union press meet

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 10:39 AM IST

thumbnail
মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ (ETV Bharat Assam)

তিনিচুকীয়া, 30 জুন : মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণকৰ প্ৰসংগক লৈ পুনৰ জাঙুৰ খাই উঠিছে সদৌ মৰাণ ছাত্ৰ সন্থা ৷ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ প্ৰসংগক লৈ চৰকাৰে লৰা-ধেমালি কৰি থকা বুলি দাবী তুলি আন্দোলনৰ হুংকাৰ দিছে মৰাণ ছাত্ৰ সন্থাই ৷ শনিবাৰে তিনিচুকীয়া প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি আন্দোলন ঘোষণা কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে ৷

সংবাদমেলত অহা 1 জুলাইৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে ৷ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত কাইলৈৰ পৰা ধাৰাবাহিকভাৱে মটৰ চাইকেল সমদল, মানৱ শৃংখল কাৰ্যসূচী, ৰণ হুংকাৰ, অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছে ছাত্ৰ সংগঠনটোৱে ৷

লগতে ছাত্ৰ সংগঠনটোৱে অতি সোনকালে যদি মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে, তেন্তে অসম বন্ধ কাৰ্যসূচীৰ লগতে দিল্লী-দিশপুৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.