য'ত অনুসূচিত জাতিৰ গাঁওসমূহ আৰম্ভ হৈছে তাৰ পৰাই উন্নয়ন শেষ হৈছে: অনুসূচিত জাতি ছাত্ৰ সন্থা - Scheduled Caste inhabited areas

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 10:46 PM IST

thumbnail
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল (ETV Bharat)

গোলাঘাট, 5 ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ অনুসূচিত জাতি অধ্যুষিত এলেকাৰ গাঁওসমূহৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰে জিলা কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত ছাত্ৰ নেতৃত্বই কয় যে চৰকাৰখনে অনুসূচিত জাতিক দীৰ্ঘদিন ধৰি নানা ভুৱা প্ৰতিশ্ৰুতিৰে  প্ৰতাৰণা কৰি আহিছে । এনে প্ৰতাৰণা তথা বঞ্চনা কৰা বন্ধ নকৰিলে জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা হাত সাৱটি বহি নাথাকে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব ।

সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰণৱ প্ৰতীম দাস আৰু সাধাৰণ সম্পাদক ইন্দ্ৰ প্ৰসাদ দাসে সংবাদমেলত আৰু কয়- "অনুসূচিত জাতিক প্ৰত্যেকখন চৰকাৰে প্ৰতাৰণা আৰু নিজৰ অধিকাৰ লাভৰ পৰা বঞ্চিত কৰি আহিছে ৷ বিশেষকৈ এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অনুসূচিত জাতিক ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক অধিকাৰসমূহ নাইকীয়া কৰিব বিচাৰিছে ৷ বিজেপি চৰকাৰৰ দিনত কিছুমান অঞ্চলত উন্নয়ন হৈছে যদিও য'ত অনুসূচিত জাতিৰ গাঁওসমূহ আৰম্ভ হৈছে তাৰ পৰাই উন্নয়ন শেষ হৈছে ৷" গোলাঘাট জিলাৰ অনুসূচিত জাতি গাঁওসমূহত উন্নয়ন একেবাৰে শূন্য বুলি তেওঁলোকে দাবী কৰে ।  

কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত অনুসূচিত জাতিৰ উন্নয়ন আঁচনিৰ অধীনত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত চাংপুল গাঁৱত (খেল পথাৰত) মিনি ষ্টেডিয়াম নিৰ্মাণত অনুসূচিত জাতি উন্নয়নৰ আঁচনিৰ ধন নিয়মবৰ্হিভূতভাৱে ব্যৱহাৰ কৰা হৈছে বুলি তেওঁলোকে অভিযোগ তোলে । গতিকে এই মিনি ষ্টেডিয়ামখনৰ কাম বন্ধ কৰি উক্ত ষ্টেডিয়ামখন অনুসূচিত জাতি অধ্যুষিত এলেকাত নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও সংবাদমেলত দাবী উত্থাপন কৰে । 

লগতে পঢ়ক: ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ কৰি কাছাৰৰ ধলাইত ভয়ংকৰ ঘটনা - Cachar Football match tragedy

গৰুখুটি প্ৰকল্পৰ পৰিসৰ বৃদ্ধি: এইবাৰ শৰৎকালত গৰুখুটিয়ে ৰাইজক খুৱাব সতেজ পাচলি - Garukhuti Agricultural Project

অনিশ্চয়তাৰ মাজত জোনাইৰ ৫০ টা পৰিয়াল : চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ - Flood Victim of Jonai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.