টীয়কৰ সোণাৰী মিচিং গাঁৱত আলি আয়ে লৃগাং - Ali Aye Ligang

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 12:51 PM IST

টীয়ক, ১৪  ফেব্ৰুৱাৰী : আজি ফাগুনৰ প্ৰথমটো বুধবাৰ । ফাগুনৰ আজিৰ দিনটোতে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলে কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং পালন কৰে । আলি মানে শস্যৰ বীজ, আয়ে মানে ফল আৰু লৃগাং মানে উৎসৱ । অৰ্থাৎ বীজ সিঁচা উৎসৱ আজি উলহ মালহেৰে পালন কৰিছে মিচিং সমাজে ।

টীয়কৰ সোণাৰী মিচিং গাঁৱতো পালন কৰা হৈছে এই উৎসৱ । তিনিদিনীয়াকৈ আয়োজন কৰা আলি আয়ে লৃগাঙৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী পতাকা উত্তোলন, স্মৃতি তৰ্পণৰে আৰম্ভ কৰি পৰম্পৰাগত ৰীতি-নীতিৰে বীজ সিঁচা পৰ্ব সম্পাদন কৰিছে । ইপিনে বীজ সিঁচাৰ সমান্তৰালকৈ লোকবিশ্বাস অনুসৰি আগন্তুক বৰ্ষৰ খেতিও যাতে ভাল হয় তথা বৰুণ দেৱতা মিচিংসকলৰ নৃত্য গীতত সন্তুষ্ট হৈ বৰষুণ দিয়ে তাৰ কামনা কৰিছে ।

ঐনিতমৰ সুৰত মতলীয়া হৈ পৰিছে গাঁওবাসী । ইপিনে, গাঁওখনৰ জ্ঞানজ্যোতি যুৱ সংঘই আলি আয়ে লৃগাঙৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী বৰ্ষ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰিছে । লগতে চাই আপং, গাহৰিৰ মাংস, পৰ আপঙকে ধৰি বিভিন্ন জনগোষ্ঠীয় খাদ্যৰে এসাজ লগে ভাগে খোৱাৰ যোগাৰেৰে উলহ মালহৰে উদযাপন কৰিছে আলি আয়ে লৃগাং ।

লগতে পঢ়ক:আজি বিশ্ব ৰেডিঅ’ দিৱস: স্মৃতিৰ মণিকোঠাত এতিয়াও আপুনি নিশ্চয় খেদি ফুৰে আকাশবাণীৰ সেই অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.