জোনাইত আলি আঃয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি - Jonai news
🎬 Watch Now: Feature Video


Published : Feb 3, 2024, 8:05 PM IST
জোনাই, ৩ ফেব্ৰুৱাৰী : সমাগত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ লোকসকলে এই উৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰিছে । ব্যতিক্ৰম নহয় ধেমাজি জিলাৰ জোনাই । জোনাইৰ বিভিন্ন গাঁৱত চলিছে আলি আঃয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি । গুমৰাগ নৃত্যৰ তালত নাচিবলৈ আৰম্ভ কৰিছে মিচিং ডেকা-গাভৰুসকল ।
কেৱল ডেকা-গাভৰুৱে নহয় জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি সকলো এতিয়া ব্যস্ত আলি আঃয়ে লৃগাঙৰ প্ৰস্তুতিত । একাংশ ব্যস্ত পৰম্পৰাগত পানীয় পঃৰ আপং প্ৰস্তুত কৰাত । একাশ যুৱকে আকৌ পুৰাঙৰ বাবে তৰা পাত কাটিবলৈ আৰম্ভ কৰিছে । একেদৰে সামূহিক বাবে নৈত মাছ ধৰা পৰ্বও চলিছে । মুঠতে জোনাই প্ৰতিটো প্ৰান্তৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এতিয়া আহৰি নাই ।
লগতে পঢ়ক:ঐনিতম-গুমৰাগ নৃত্যৰে জীপাল ঢকুৱাখনা