দিল্লী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত মচগুল হৈ থাকে সৰ্বানন্দ সোণোৱাল: অখিল গগৈ - Akhil Gogoi slams Sonowal - AKHIL GOGOI SLAMS SONOWAL
🎬 Watch Now: Feature Video


Published : Mar 23, 2024, 4:22 PM IST
ডিব্ৰুগড়,২৩ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ পৰিছে । শনিবাৰে নৱগঠিত খোৱাং সমষ্টিত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ অহা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰী হৈ থকা সময়ত সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতি সমূহ পুনৰ উনুকিয়াই কঠোৰ ভাষাৰে সমালোচনা কৰে ।
ডিব্ৰুগড় চহৰখনৰ গৰাখহনীয়া নিৰ্মূলৰ বাবে সৰ্বানন্দ সোণোৱালে একো নকৰিলে বুলি উল্লেখ কৰি গগৈয়ে কয় যে সোণোৱাল জনগোষ্ঠীৰ প্ৰতিনিধি হৈয়ো সোণোৱাল জনগোষ্ঠীৰ বহুৱা নৃত্যৰ বাবে এক কোটি টকা ঘোষণা কৰিও নিদিলে । সৰ্বানন্দ সোণোৱাল এজন ভদ্ৰলোক, কিন্তু তেওঁ এই ভদ্ৰতা লৈ অসম মানুহক একো দিব নোৱাৰিলে । সৰ্বানন্দ সোণোৱালে আজিৰ দিনত দিল্লী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত মচগুল হৈ থাকে বুলি কৈ সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুঢ়াক ভোট দিয়া একেই কথা বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে । সেয়ে ডিব্ৰুগড়ৰ ৰাইজক লুৰীণজ্যোতি গগৈক নিৰ্বাচিত কৰিবলৈ সকলোকে আহ্বান জনায় অখিল গগৈয়ে ।
লগতে পঢ়ক: অসম জাতীয় পৰিষদলৈ পুনৰ আগমন ঘটিব চিত্তৰঞ্জন বসুমতাৰীৰ - Chittaranjan Basumatary To Join AJP