thumbnail

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:16 PM IST

ETV Bharat / Videos

তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ‘কা’ বিৰোধী প্ৰতিবাদ

তিনিচুকীয়া, ৫ মাৰ্চ : ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলন । সমান্তৰালকৈ তিনিচুকীয়াতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শতাধিক নেতা সদস্যই মঙলবাৰে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সম্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

‘কা’ৰ বিৰোধিতাৰে তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাহিৰ কৰা এই প্ৰতিবাদৰ কথা জানিব পাৰি জিলা আৰক্ষী প্ৰশাসন আগতীয়াকৈ সষ্টম হৈ থকা পৰিলক্ষিত হয় । শতাধিক আৰক্ষী, ব্লেক কামাণ্ডো, অৰ্ধ সামৰিক বাহিনীৰ সহায়ত তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীসকলক প্ৰাৰম্ভিক অৱস্থাতে বাধা প্ৰদান কৰে । ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াববীয়া সকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয় ৷ পৰৱৰ্তী সময়ত জিলা প্ৰশাসনৰ বিষয়া আহি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী নেতা সদস্যৰসকলৰ সৈতে প্ৰতিবাদস্থলীতে বাৰ্তালাপ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিয়া স্মাৰক পত্ৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : কা বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.