কা বাতিলৰ দাবীত নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:42 PM IST

নলবাৰী,৫ মাৰ্চ : ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিভিন্ন সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে । মঙলবাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা বাতিলৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰ অংশস্বৰূপে সংগঠনটোৰ নলবাৰী জিলা সমিতিয়েও জিলা আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে নলবাৰী জিলা সমিতিয়ে পৰিষদৰ কাৰ্যালয় চৌহদৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এক কা বিৰোধী প্ৰতিবাদী সমদল উলিয়াই । ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ নেতা-কৰ্মীসকলে । প্ৰতিবাদৰ অন্তত সংগঠনটোৱে নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে কা আইন বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.