লেণ্ড জেহাদৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক উভতি ধৰিলে পৃথ্বীৰাজ সাথেই - AICC SECRETARY PRITHVIRAJ SATHE

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 7:25 PM IST

thumbnail
মুখ্যমন্ত্ৰীক কটাক্ষ (ETV Bharat Assam)

শিলচৰ, 5 আগষ্ট: ভূমি ক্ৰয়-বিক্ৰয়ক কেন্দ্ৰ কৰি সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰোধিতা কংগ্ৰেছৰ ৷ সাংবিধানিক পদত থাকি এনে মন্তব্য কৰাটো ঠিক নহয় বুলি লেণ্ড জেহাদ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ সাথেই এই সন্দৰ্ভত কয়, "দেশত গণতান্দ্ৰিক শাসন ব্যৱস্থা অব্যাহত আছে ৷ বি আৰ আম্বেদকাৰে প্ৰৱৰ্তন কৰা আইন অনুসৰি দেশৰ শাসনকাৰ্য চলি আছে ৷ কিন্তু যিধৰণে অসমত শাসনকাৰ্য চলি আছে, কাইলৈ উশাহ ল’বলৈও অসমত মুখ্যমন্ত্ৰীৰ অনুমতিৰ প্ৰয়োজন হ’ব ৷ মই ভাবো এয়া ধেমালিহে ৷"

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে লেণ্ড জেহাদ সন্দৰ্ভত মন্তব্য কৰাৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ সাথেই ৷ এইক্ষেত্ৰত অসম চৰকাৰে দুমাহৰ ভিতৰত নতুন আইন আনিব বুলিও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ যি আইন অনুসৰি অনুসূচিত জাতি আৰু অনুসূচীত জনজাতি আৰু কোচ-ৰাজবংশী লোকৰ ভূমি অইন লোকে ক্ৰয় কৰিব নোৱাৰিব ৷ আকৌ ভূমি ক্ৰয়ৰ ক্ষেত্ৰত এতিয়াৰে পৰা জিলা আয়ুক্তৰ সলনি অসম চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে মন্তব্য কৰে ৷

লগতে পঢ়ক: লাভ জেহাদ-লেণ্ড জেহাদৰ বিৰুদ্ধে শীঘ্ৰেই আহিব আইন : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.