যোৰহাটত বনকৰা কিশোৰীৰ আত্মহত্যাৰ ঘটনা : অভিযুক্ত দম্পতীক জে'ললৈ প্ৰেৰণ - MYSTERIOUS DEATH IN JORHAT

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 4:10 PM IST

thumbnail
কিশোৰীৰ আত্মহত্যাৰ ঘটনাৰ অভিযুক্ত দম্পতীক জে'ললৈ প্ৰেৰণ (ETV Bharat Assam)

যোৰহাট, 27 জুলাই : ঘৰত পঢুৱাব বুলি আনি শ্ৰমিক হিচাপে নিয়োগ কৰা এগৰাকী 13 বছৰীয়া কিশোৰীয়ে আত্মহননৰ পথ বাচি লোৱা ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লিচুবাৰীৰ সুৰুজ নগৰৰ বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাক জেললৈ প্ৰেৰণ কৰিছে আদালতে ৷ উল্লেখ্য যে, 23 জুলাইত সুৰুজ নগৰ ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা বৰাৰ বাসগৃহত মৰিয়নী নিউ সোণোৱালৰ 13 বছৰীয়া কিশোৰীয়ে আত্মহননৰ পথ বাছি লয় ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি জানিব পৰা মতে নিউ সোণোৱালৰ কিশোৰীগৰাকীক পঢ়ুৱাব বুলি আনি কোনো বিদ্যালয়ত নাম ভৰ্তি কৰোৱা নাছিল দম্পতীটোৱে ৷ তাৰ বিপৰীতে কিশোৰীগৰাকীক ঘৰতে বিভিন্ন কাম কৰিবলৈ লগোৱাৰ কথা প্ৰকাশ কৰিছে ৷

যোৰহাট আৰক্ষীয়ে কিশোৰীগৰাকীক ৰখা দম্পতীটোক ঘটনাৰ দিনাই আটক কৰি আদলতত হাজিৰ কৰায় ৷ আদালতে দুয়োকে দুদিনৰ বাবে আৰক্ষীৰ জিন্মাত দিয়ে ৷ শুকুবাৰে আৰক্ষী জিন্মাৰ ম্যাদ শেষ হোৱাত দুয়োজনকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে আদালতে ৷ কিশোৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় নায় সংহিতাৰ 108/146/143 ধাৰা আৰু চাইল্ড লেবাৰ প্ৰহিবিশ্যন ৰেগুলেশ্যন এক্টৰ 141(1)ধাৰা আৰু জে জে এক্টৰ 75 ধাৰাৰ অধীনত যোৰহাট সদৰ থানাত 300/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছিল ৷

লগতে পঢ়ক : বনকৰা কিশোৰীৰ আত্মহত্যা : বৰা পৰিয়ালে অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ - MYSTERIOUS DEATH IN JORHAT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.