thumbnail

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 3:06 PM IST

ETV Bharat / Videos

মহানগৰীত পুনৰ সুৰামত্ত চালকৰ উদ্ভণ্ডালি

গুৱাহাটী, 19 ফেব্ৰুৱাৰী: সুৰামত্ত চালকক নাকী লগোৱাত বিফল যান-বাহন আৰক্ষী । সুৰাৰ ৰাগীত মাতাল হৈ পুনৰ গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ সুৰামত্ত চালকৰ । দেওবাৰে পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিং ভাঙি গছত খুন্দা মাৰিলে বিলাসী বাহনে । 

জানিব পৰা মতে, অত্যাধিক সুৰাপান কৰি বিলাসী বাহন চলাইছিল চালকে ৷ যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিং ভাঙি গছত খুন্দা মাৰে বিলাসী বাহনখনে । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী পথচাৰী ৷ সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় দুই সুৰামত্ত যুৱকক ।

দেওবাৰৰ পুৱতি নিশা খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ সমগ্র ঘটনা বন্দী হৈছে চি চি টিভি কেমেৰাত । অৱশ্যে মহানগৰীৰ ৰাজপথত এই ঘটনা নতুন নহয় । প্ৰায়ে মহানগৰীৰ ৰাজপথত সংঘটিত হৈ আহিছে এনেধৰণৰ ঘটনা । 

সুৰামত্ত চালকৰ বিৰুদ্ধে আৰক্ষী তথা পৰিবহন বিভাগে যিমানেই অভিযান চলাইছে সুৰামত্ত চালকক নাকী লগোৱাত সিমানেই বিফল হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ আৰক্ষী বিভাগ ।

লগতে পঢ়ক: মহানগৰীত সুৰাপায়ীৰ বিৰুদ্ধে অভিযানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.