বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : মেৰামতিৰ দাবীত ডুমডুমাত আছুৰ উত্তাল প্ৰতিবাদ - National Highway 37

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 3:53 PM IST

thumbnail
ডুমডুমাত আছুৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ৭ আগষ্ট : ডুমডুমা-তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে জনসাধাৰণক ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড-প্ৰকাণ্ড গাঁত । বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত থকা এই গাঁতসমূহ পানীৰে ভৰি থাকে, ফলত পথছোৱাত সৰু-বৰ বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

ডুমডুমা-তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত বুধবাৰে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা নগৰৰ মাজমজিয়াত ৰাজহুৱা বাছ আস্থানৰ সন্মুখত চৰকাৰবিৰোধী বিভিন্ন শ্ল’গান দিয়াৰ লগতে শীঘ্ৰেই এই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবী জনায় ।

আনহাতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে । শীঘ্ৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মূল পথসমূহ নিৰ্মাণ তথা মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক : লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ দেওবৰীয়া সাপ্তাহিক বজাৰ স্থানান্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.