অসম-উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে CAA মনা নাই আৰু নামানে : সমুজ্জল কুমাৰ ভট্টাচাৰ্য - CAA Protest Assam
🎬 Watch Now: Feature Video
Published : Jan 31, 2024, 6:31 PM IST
গুৱাহাটী, 31 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছুৰ মুখ্য উপদেষ্টাজনে কয় যে, 'কা' অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই আৰু নামানে ৷ লগতে এই আইন বাতিলৰ দাবীত অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰীক সংগ্ৰাম চলি আছে আৰু চলি থাকিব বুলি মন্তব্য কৰে ড৹ ভট্টাচাৰ্যই ৷
7 দিনৰ ভিতৰত দেশত 'কা' বলবৎ হ'ব বুলি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছু নেতা গৰাকীয়ে কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দুটা যুঁজ চলি আছে, এটা হ’ল গণতান্ত্ৰিক সংগ্ৰাম আৰু আনটো আইনগত যুঁজ ৷ এই দুয়োটা সংগ্ৰাম চলি আছে আৰু ইয়াক আগুৱাই নিয়া যাব ৷
তেওঁ লগতে কয় এই আইনক কেন্দ্ৰ কৰি আছুৰ যি সমূহ প্ৰশ্ন সেই সমূহ কেন্দ্ৰই এতিয়াও দিব পৰা নাই ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আহোঁতে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য সমূহক এই আইনৰ পৰা ৰেহাই দিয়া হৈছে বুলি ঘোষণা কৰিছিল ৷ লগতে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত অঞ্চল সমূহ ৰেহাই দিয়া হৈছে বুলিও কৈছিল কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য সমূহৰ বাবে আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত অ়্চল সমূহৰ বাবে যদি এই আইন বেয়া, তেন্তে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ বাবে 'কা' কেনেকৈ ভাল হ’ল বুলি প্ৰশ্ন কৰে ভট্টাচাৰ্যই ৷ লগতে এই প্ৰশ্নৰ উত্তৰ আজিলৈকে দিল্লীয়ে দিব পৰা নাই বুলি মন্তব্য কৰে তেওঁ ৷
লগতে পঢ়ক : কা বলৱৎ কৰিলে আন্দোলনৰ জৰিয়তে প্ৰাণ দিব অখিল গগৈয়ে