ক্ষোভিত আছু; ৰৌতাত দাহ শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি - Protest Against APDCL

By ETV Bharat Assamese Team

Published : May 31, 2024, 7:49 AM IST

thumbnail
ৰৌতাত শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ (Etv bharat assam)

ৰৌতা, 31 মে’: ৰৌতাত আছুৰ তীব্ৰ প্ৰতিবাদ ৷ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে । বিদ্যুতৰ অনিয়মীয়া যোগান আৰু অত্যাধিক মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাচতো উপযুক্ত সেৱা প্ৰদান কৰিব নোৱাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰৌতা আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷

সমান্তৰালভাবে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও আছুয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰৌতা চাৰিআলিত শক্তি বিভাগ তথা বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই উত্তাল কৰি তোলে ৰাজপথ । কাৰ্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদকাৰীসকলক ৰৌতা আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

লগতে পঢ়ক: বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৰ গৰ্জন - AASU PROTEST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.