অৱশেষত চৰকাৰৰ ষড়যন্ত্ৰ ফাদিল হ'ল: আপ - SC Grants to Bail to Manish Sisodia - SC GRANTS TO BAIL TO MANISH SISODIA
🎬 Watch Now: Feature Video
Published : Aug 9, 2024, 8:57 PM IST
গুৱাহাটী,৯ আগষ্ট: দিল্লী চৰকাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ অন্যতম শীৰ্ষ নেতা মনীষ চিছোদিয়াক তথাকথিত দিল্লীৰ আবকাৰী অনিয়মৰ গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিনত মুক্তি দিয়ে । চিছোদিয়াৰ জামিন লাভত উৎফুল্লিত আপ, অসমৰ নেতৃত্বই শুকুৰবাৰে দলৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত কেক কাটি আনন্দ উদযাপন কৰে ।
এই উপলক্ষে আয়োজিত এক সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, "আপৰ নেতা-কৰ্মীসকলৰ বাবে আজি আনন্দৰ দিন । সুদীৰ্ঘ প্ৰায় ডেৰ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে বিনা বিচাৰে আমাৰ নেতা মনীষ চিছোদিয়াক কাৰাৰুদ্ধ কৰি ৰাখিছিল । অৱশেষত চৰকাৰৰ ষড়যন্ত্ৰ ফাদিল হ'ল । উচ্চতম ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশক আমি আদৰণি জনাইছো ।" সংবাদমেলত আপৰ আন এগৰাকী নেতা ৰমেন বৰঠাকুৰে ই ডি আৰু চি বি আইৰ ক্ষমতাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে মত প্ৰকাশ কৰে । মনীষ চিছোদিয়াৰ জামিনৰ দৰেই শীঘ্ৰেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আপৰ আন এগৰাকী নেতা সত্যেন্দ্ৰ জৈনেও শীঘ্ৰেই কাৰাগাৰৰ বাহিৰলৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰে বৰঠাকুৰে ।