বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : বনমন্ত্ৰীৰ পুত্তলিকা দাহেৰে নগাঁৱত প্ৰতিবাদ - AAMSU protest in Nagaon

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:53 AM IST

thumbnail
বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ: বনমন্ত্ৰীৰ পুত্তলিকা দাহেৰে নগাঁৱত প্ৰতিবাদ (ETV Bharat Assam)

নগাঁও, 25 জুন: লাওখোৱা অভয়াৰণ্যত বনকৰ্মীয়ে চলোৱা গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদ জনাই সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে । আমছুৰ নগাঁও জিলা সমিতিৰ লগতে বিভিন্ন আঞ্চলিক সমিতিয়েও নগাঁৱত লাওখোৱা বন বিভাগৰ বিৰুদ্ধে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰি ৰাজ্যৰ বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও আমছু ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মাছমৰীয়াৰ সন্দেহত বনকৰ্মীয়ে চলোৱা গুলীত মৃত্যু ঘটা দুই ভাতৃৰ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে নিহত দুই ভাতৃৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আহ্বান জনায় সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে । ৰাজ্যৰ বন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ । 

উল্লেখযোগ্য যে, 21 জুন শুকুৰবাৰৰ নিশা লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াৰ সন্দেহত বনকৰ্মীয়ে গুলীচালনা কৰাত নিহত হৈছিল ধিং বড়ি চাপৰি গাঁৱৰ দুই ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিন ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.