গৰ্ভজাত সন্তানে ল’লে ঘাতকৰ ৰূপ: বৃদ্ধা মাতৃক হত্যা কৰি পুতি থ’লে ঘৰৰ ভিতৰত - Sensational Murder

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 2:00 PM IST

thumbnail
নৃশংস হত্যাকাণ্ডৰ ঘটনা (ETV Bharat Assam)

গোলাঘাট, ১১ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ বোকাখাতৰ জ্যোতিপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । নিজ কন্য়া আৰু জোঁৱায়েকে মিলি এগৰাকী মহিলাক হত্যা কৰি ঘৰৰ ভিতৰতেই পুতি থোৱাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় ৰাইজে দিয়া অভিযোগৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে খান্দি উলিয়ালে শান্তি গোৱলা নামৰ ৭০ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ ।  

বোকাখাত জ্যোতিপুৰত বাস কৰা শান্তি গোৱলা নামৰ মহিলাগৰাকীৰ লগত নিজৰ সৰু জীয়ৰী চম্পা ভূঞা আৰু জোঁৱাই দিলীপ ভূঞাই বাস কৰিছিল । স্থানীয় লোকে জনোৱা অনুসৰি মহিলাগৰাকীক দেখা নাছিল দেওবাৰৰ পৰা । সেয়ে স্থানীয় চাৰিজন লোকে মঙলবাৰে নিশা সন্দেহবশতঃ অনুসন্ধান কৰিবলৈ আহোতে দিলিপ ভূঞাই ঘৰৰ ভিতৰত সোমাবলৈ বাধা প্ৰদান কৰে । ঘৰটোৰ প্ৰথমটো কোঠাতেই গাত খান্দি পুতি ওপৰত খৰি জাপি থোৱা দেখি লোককেইজনে ৰাইজক খবৰ দিবলৈ যাওঁতেই দিলীপ ভূঞা আৰু চম্পা ভূঞাই ঘৰ এৰি পলায়ন কৰে ।

স্থানীয়লোকে ততাতৈয়াকৈ গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে । পিচত ঘটনাস্থলীত বোকাখাত আৰক্ষী থানাৰ এটা দল আৰু দণ্ডাধীশৰ উপস্থিতিত গাত খাণ্ডি শান্তি গোৱলাৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক - Sensational Murder

প্ৰতিবেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক - Attempt to murder

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.