সেনা ছাউনিৰ কৃত্ৰিম বানত ককবকাইছে আমচাঙৰ বন্যহস্তীয়ে - Guwahati Flash Flood

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 8:09 PM IST

thumbnail
সেনা ছাউনিৰ কৃত্ৰিম বানত ককবকাইছে আমচাঙৰ বন্যহস্তীয়ে (ETV Bharat Assam)

গুৱাহাটী,৮ আগষ্ট: আমচাং অভয়াৰণ্যৰ পৰা নাৰেংগীৰ সেনা ছাউনিত বন্যহস্তীৰ বিচৰণ কোনো পুৰণি কথা নহয় । পিচে এইবাৰ নাৰেংগীৰ সেনা ছাউনিত প্ৰৱেশ কৰি বিপদত পৰিল গজৰাজ । কিয়নো বিগত কেইদিনত হোৱা বৰষুণৰ ফলত নাৰেংগীস্থিত সেনা ছাউনিত সৃষ্টি হয় কৃত্ৰিম বানৰ । যাৰ ফলত বৃহস্পতিবাৰে সেনা ছাউনিত প্ৰৱেশ কৰি কৃত্ৰিম বানত আৱদ্ধ হৈ পৰে বন্যহস্তীটো । প্ৰায় নৈমিত্তিক ভ্ৰমণত অহা হাতীটোক বহু কষ্টৰ অন্তত সেনা বাহিনীৰ লোকে উদ্ধাৰ কৰি কোনোমতে আমচাং অভয়াৰণ্যৰ ফালে খেদি পঠিয়াবলৈ সক্ষম হয় ।  

উল্লেখ্য যে, আৰক্ষী-প্ৰশাসন তথা বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ এচাম অবিবেচকী লোকৰ অবাধ বন ধ্বংসৰ ফলত ক্ৰমাৎ সংকুচিত হৈ আহিছে বন্য জীৱ-জন্তুৰ খাদ্য তথা বিচৰণস্থলী । ফলত খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তু জনাঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰি আহিছে । একেদৰে খাদ্যৰ সন্ধানত প্ৰায়ে আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে এটা বনৰীয়া হাতী । আন দিনাৰ দৰে বৃহস্পতিবাৰেও হাতীটোৱে সেনা ছাউনিত প্ৰৱেশ কৰি এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় । 

লগতে পঢ়ক: ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে মহানগৰীৰ বাসিন্দাক - Guwahati Artificial Floods

গুৱাহাটীৰ কৃত্ৰিম বান নতুন কথা নহয় : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা - Guwahati Flash Flood

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.