কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ ধেমালিৰ মনোৰম দৃশ্য বন্দী পৰ্যটকৰ লেন্সত - Kaziranga National Park

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : May 20, 2024, 1:40 PM IST

গোলাঘাট, 20 মে’: বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা এশিঙীয়া গঁড়ৰ বাবে বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক নান্দনিক দৃশ্য বন্দী কেমেৰাত । এহাল গঁড়ৰ ধেমালিৰ মনোৰম ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । কেতিয়াবা যদি বিলত আৰু কেতিয়াবা পাৰত উঠি নিজৰ মাজত মচগুল হৈ পৰিছে গঁড় দুটা । 

কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ তথা বন্যপ্ৰাণী প্ৰত্যক্ষ কৰিবলৈ অহা পৰ্যটকৰ কেমেৰাত আৱদ্ধ হয় এই দৃষ্টিনন্দন দৃশ্য । এই দৃশ্য প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰে পৰ্যটকসকল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ এনে কিছুমান ব্যতিক্ৰমী দৃশ্যই আকৰ্ষিত কৰি আহিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটকক ।

কেতিয়াবা যদি বাঘৰ বিচৰণ, কেতিয়াবা আকৌ উদ্যানখনত থকা বন্যহস্তী, হৰিণা আদি বিভিন্ন জীৱ-জন্তুৰ ব্যতিক্ৰমী গতি-বিধিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি পৰ্যটকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: পাণপুৰ বনাঞ্চলৰ সৌন্দৰ্য উপভোগ ৰাজস্থান ৰয়েলছ দলৰ - RR Team Visits Panpur Forest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.