শতাধিক যাত্ৰী তথা কেবাখনো বাহনসহ লুইতৰ বুকুত আৱদ্ধ ফেৰী - Ferry Stranded In Brahmaputra River - FERRY STRANDED IN BRAHMAPUTRA RIVER
🎬 Watch Now: Feature Video
Published : Aug 19, 2024, 10:19 AM IST
মাজুলী, 19 আগষ্ট : ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আবদ্ধ ফেৰী যাত্ৰীবাহী ফেৰী । এছ বি চন্দন নামৰ ফেৰী খন আজি 7 বজাত কমলাবাৰী ঘাটৰ পৰা নিমাটি অভিমুখে গৈছিল । কমলাবাৰী ঘাটৰ পৰা কিছু দূৰ যোৱাৰ পাচতে ব্ৰহ্মপুত্ৰৰ বালিত লাগি ধৰে ফেৰীখন । যাৰ বাবে পুনৰ কমলাবাৰী ঘাটলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে ফেৰীখন ।
লুইতত আবদ্ধ হোৱা ফেৰীখনত শতাধিক যাত্ৰী আৰু 40 খন বাইক, এখন গাড়ী আছিল বুলি জানিব পৰা গৈছে । ব্ৰহ্মপুত্ৰত জলস্তৰ হ্ৰাস পোৱাৰ বাবেই ফেৰীখন আৱদ্ধ হৈ পৰে বুলি সন্দেহ কৰা হৈছে ৷
উল্লেখ্য যে, প্ৰতিদিনেই কমলাবাৰী আৰু নিমাটিৰ মাজত চলাচল কৰা ফেৰীসমূহ ব্ৰহ্মপুত্ৰৰ বুকু বাম হোৱাৰ বাবে লাগি ধৰিবলৈ লৈছে ৷ যদিহে কমলাবাৰী ফেৰী ঘাট বন্ধ হয় তেতিয়া বিপদত পৰিব মাজুলীৰ প্ৰায় দুই লক্ষ সাধাৰণ জনতা ৷ কিয়নো মাজুলীৰ ৰাইজৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল এই ফেৰীসমূহ ।
লগতে পঢ়ক : মাজুলীত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ৰ’পেক্স - Ropax vessel stranded