সঁজাল ধৰা ধাননি গচকি সাং কৰিলে বন্যহস্তীৰ জাকে - wild elephant menace

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 4:12 PM IST

Updated : Sep 16, 2024, 4:43 PM IST

thumbnail
জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ (ETV Bharat Assam)

যোৰহাট, 16 ছেপ্টেম্বৰ: মৰিয়নীত জনাঞ্চলত বিচৰণ বন্যহস্তীৰ এটা জাকৰ ৷ হোলোঙাপাৰা গিবন অভয়াৰণ্য পৰা অহা বন্যহস্তীৰ জাকে তহলিং কৰিলে বহু বিঘা ধান খেতি ৷ সোমবাৰে পুৱতি নিশা মৰিয়নীৰ নকছাৰী তিৰুৱাল ভেটা পথাৰত বন্যহস্তীৰ উপদ্ৰৱ ৷ বহু বিঘা সঁজাল ধৰা ধাননি পথাৰ অনিষ্ট কৰা ফলত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে শ্ৰমজীৱী কৃষক ৰাইজে ৷ খবৰ দিয়াৰ পিচতো বন বিভাগৰ লোক সময়ত উপস্থিত নোহোৱাৰ অভিযোগ ৷

যোৰহাটৰ লগতে গোলাঘাট জিলাৰো বিভিন্ন স্থানত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ জাক জাক বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ হাতী-মানুহৰ এই সংঘাত ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও বৰ্তমানলৈকে এই সমস্যা সমাধান হোৱা নাই ৷

লগতে পঢ়ক: মাজুলীত বনৰীয়া হাতীৰ আতংক : ভাঙি তচনচ কৰিলে বাসগৃহৰ লগতে গোহালি - Man Elephant conflict

হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা কৰবেট ফাউণ্ডেশ‍্যনৰ - The Corbett Foundation

বন্যহস্তীৰ উপদ্ৰৱ: আতচবাজী ফুটাই দায়িত্ব সামৰিছে বন বিভাগে - WILD ELEPHANT MENACE

Last Updated : Sep 16, 2024, 4:43 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.