মধ্যাহ্ন ভোজনৰ নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ একাংশ বিদ্যালয়ৰ বিৰুদ্ধে - mid day meal

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 6:40 PM IST

thumbnail
মধ্যাহ্ন ভোজনৰ নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ (ETV BHARAT ASSAM)

আমগুৰি, 22 জুন : শিৱসাগৰ জিলাৰ আমগুৰিৰ একাংশ বিদ্যালয়ে মধ্যাহ্ন ভোজনৰ নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত বৰবাম সেউজপুৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন পৰিৱেশনত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে ৷ বিদ্যালয়খনত কণীৰ পৰিৱৰ্তে জাতিলাও আৰু মটৰৰ পানী দিয়াৰ অভিযোগ উত্থাপিত কৰিছে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে ৷

উল্লেখ্য যে চাহ বাগিচা অধ্যুষিত বিদ্যালয়ত সপ্তাহত তিনিদিন কণী দিব লাগে যদিও সেউজপুৰ প্ৰাথমিক বিদ্যালয়ত কেৱল এদিন দিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ চাহ বাগিচা অধ্যুষিত বিদ্যালয়ে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত কণী দিব লাগে যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষকে এদিনহে কণী পৰিৱেশন কৰে ৷ এই সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ গাইড লাইন নমনাৰ অভিযোগ উত্থাপন কৰিছে ৷ লগতে শিক্ষা বিভাগক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে ৷

লগতে পঢ়ক : মাজুলীত নিশা আৰক্ষীক ৰাইজে জবাবদিহি কৰিলে কিয় ? - Assam Police

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.