শান্ত-সমাহিত গজৰাজ : মাজুলীৰ কাৰ্তিক চাপৰিত বন্যহস্তীৰ বিশাল জাক - Free Roaming of Wild Elephant - FREE ROAMING OF WILD ELEPHANT
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-08-2024/640-480-22118181-thumbnail-16x9-majuli-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 3, 2024, 7:50 PM IST
মাজুলী,৩ আগষ্ট: হাতী-মানুহৰ সংঘাতৰ বাতৰি চৰ্চাত থকাৰ সময়তে এজাক হাতীয়ে মুগ্ধ কৰিছে ৰাইজক । মাজুলীৰ কাৰ্তিক চাপৰিলৈ চাই চকু ৰৈ যায় নিমাতী আৰু মাজুলীলৈ অহা-যোৱা কৰা ফেৰীৰ যাত্ৰীৰ । ব্ৰহ্মপুত্ৰৰ চাপৰিত হাতীৰ জাকটোৰ বিচৰণে আপ্লুত কৰিছে যাত্ৰীসকলক । প্ৰতিদিনেই ব্ৰহ্মপুত্ৰত হাতীৰ জাকটোৱে পানী খোৱা দৃশ্য অতি মনোৰম । খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে বনাঞ্চলৰ পৰা ওলাই আহি চাপৰিটোত বিচৰণ কৰা মনোমোহা দৃশ্য বন্দী কৰি ৰাখিছে বহু ফেৰী যাত্ৰীয়ে ।
১৫০ টা হাতীৰ জাকটোৱে চাপৰিটোত বিচৰণ কৰিছে প্ৰায় এসপ্তাহ ধৰি । বিগত কিছুদিন পূৰ্বে হাতীৰ জাকটোৱে প্ৰৱেশ কৰিছিল মাজুলীৰ বিভিন্ন অঞ্চলত । যাৰ ফলত ত্ৰাসৰ সৃষ্টি হৈছিল বন্যহস্তীয়ে বিচৰণ কৰা অঞ্চলসমূহত । পিচে এতিয়া হাতীৰ জাকটো চাবলৈ উৎসুক হৈ পৰিছে ৰাইজ ।