50 সপ্তাহ ধৰি হোজাইত এটকাত এসাঁজ খাদ্য বিতৰণ যুৱকৰ দলৰ
🎬 Watch Now: Feature Video
Published : Feb 18, 2024, 11:02 PM IST
হোজাই, ১৮ ফেব্ৰুৱাৰী: এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি হোজাইৰ কেইজনমান যুৱকে আৰম্ভ কৰা প্ৰতি দেওবাৰে এটকাত এসাঁজৰ আজি পঞ্চাশতম সপ্তাহত ভৰি দিলে । এই উপলক্ষ্যে আজি দুপৰীয়া হোজাই পুৰণা বজাৰৰ উৰণীয়া সেতুৰ তলত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । হোজাইৰ কেইজনমান যুৱকে এবছৰ পূৰ্বে সংকল্প নামেৰে আৰম্ভ কৰা এক বেচৰকাৰী সংস্থাৰ জৰিয়তে প্ৰতি দেওবাৰে এটকাত এসাঁজ নামৰ এক ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ কৰে ।
দুখীয়া নিচলা সকলৰ বাবে আৰম্ভ কৰা এই আঁচনি খনৰ আজি পঞ্চাশ সপ্তাহ পূৰ্ণ কৰিলে । সেয়ে আজি বিশাল আয়োজনেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত যোগদান কৰে হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধি, শিক্ষাবিদ প্ৰমোদ দাস, কমল দত্ত, তুলিকা গগৈ গোহাঁই, ৰাজীৱ গুপ, বিশাল ভট্টাচাৰ্য, শ্বপ্না ভৌমিক, দেবব্ৰত সাহা আদিয়ে । এই অনুষ্ঠানত সংকল্পৰ এই পদক্ষেপক সকলো আদৰণি জনায় । উল্লেখ্য যে এই সংস্থাৰ সদস্য সকলে নিজে ধন ব্যয় কৰি দুখীয়া, নিছলা, দিব্যাংগসকলক এদিন খাদ্য যোগান ধৰি আহিছে ।
লগতে পঢ়ক:CM Himanta Biswa Sarma : কটনত নষ্টালজিক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা