বাইকৰ খুন্দাত পহু নিহত - road accident
🎬 Watch Now: Feature Video


Published : Feb 19, 2024, 8:57 AM IST
কলিয়াবৰ, 19 ফেব্ৰুৱাৰী : কলিয়াবৰৰ নিজ বৰভগীয়াত মটৰচাইকেলৰ খুন্দাত নিহত হয় এটা পহু । দেওবাৰে সন্ধিয়া বৰভগীয়াৰ গ্ৰাম্যপথত সংঘটিত হয় এই ঘটনা । আন্ধাৰ পথত মটৰচাইকেল আৰোহীয়ে খুন্দিয়াই থৈ যায় পহুটোক । মটৰচাইকেলৰ খুন্দাত আহত পহুটোক স্থানীয় লোকে উদ্ধাৰ কৰে যদিও পিচত মৃত্যু হয় পহুটোৰ ।
কাষৰীয়া হাবিৰ পৰা সঘনাই অঞ্চলটোলৈ পহু ওলাই আহে বুলি উক্ত অঞ্চলৰ বাসিন্দাই জানিবলৈ দিছে । গ্ৰাম্য পথটোত পোহৰৰ অভাৱতে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে স্থানীয় বাসিন্দাই । স্থানীয় লোকে বন বিভাগক চমজাই দিয়ে মৃত পহুটো । ২০১৭ চনৰ আগষ্ট মাহৰ বানৰ পাচতেই কলিয়াবৰৰ কলং পাৰ হাবিয়নিৰ লগতে আন বহু স্থানত পহুৰ বসতি আৰম্ভ হৈছে । ইয়াৰে বহুকেইটা পহু দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে ।
লগতে পঢ়ক : পহুৰ পোৱালি কোঁচত লৈ চুমা যাচিলে অংগনৱাড়ী কৰ্মীয়ে