অচিনাক্ত বাহনৰ খুন্দাত বিহালীত পহুৰ মৃত্যু - Deer death news

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 2:10 PM IST

thumbnail
অচিনাক্ত বাহনৰ খুন্দাত বিহালীত পহুৰ মৃত্যু (ETV Bharat News)

বিহালী, ১১ জুলাই : বিহালী সমষ্টিৰ বেদেতীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷ আজি (বৃহস্পতিবাৰ) পুৱাই অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু মুখত পৰে এটা পহু । মৃত পহুটো কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছিল বুলি অনুমান কৰা হৈছে ৷

জানিব পৰা মতে, পুৱাই প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা লোকে ৰাজপথত প্ৰত্যক্ষ কৰে এটা মৃত পহু ৷ তাৰ পাচতে স্থানীয় লোকে সাংবাদিক দীপক শৰ্মা আৰু সচেতন যুৱক প্ৰবীণ আগৰৱলাক এই ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ তেতিয়াই সাংবাদিক দীপক শৰ্মা আৰু সচেতন যুৱক প্ৰবীণ আগৰৱলাই খবৰ দিয়ে বন বিভাগৰ লোকক ৷

খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত পহুটো উদ্ধাৰ কৰে ৷ বানৰ বাবেই নিৰাপদ স্থান বিচাৰি অহা পহুৰ এনেদৰে মৃত্যু হোৱা ঘটনাক বিহালীৰ প্ৰকৃতিপ্ৰেমী সংগঠনে উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান বাৰেকুৰিবাসীৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.