অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ত গণৰাজ্য দিৱস পালন - অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
🎬 Watch Now: Feature Video


Published : Jan 26, 2024, 10:47 AM IST
গুৱাহাটী, 26 জানুৱাৰী : গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য কাৰ্যালয়ত গণৰাজ্য দিৱস পালন কৰা হয় । 75 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই । পতাকা উন্মোচনৰ পিচত দিয়া ভাষণ প্ৰসংগত অধ্যক্ষগৰাকীয়ে গণৰাজ্য দিৱসৰ দিনটোতেই আগন্তুক সময়ত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ বিভাগৰ তৰফৰ পৰা প্ৰদূষণ মুক্ত অসম গঢ়াৰ বাবে কেতবোৰ নতুন কাম কাজ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে ।
প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে অভিলাষী প্ৰকল্প হাতত লোৱা বুলি জানিবলৈ দিয়ে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষগৰাকীয়ে ৷ অধ্যক্ষগৰাকীয়ে লগতে কয়, "চলিত বর্ষৰ 2 জুনৰ পৰা পৰিষদে ভৰি দিব সোণালী জয়ন্তী বর্ষত । ইয়াৰ বাবে পৰিষদে 12 মহীয়া কাৰ্যসূচী ৰূপায়ণ কৰিব’’ ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আম্বেদকাৰক সুঁৱৰিলে বিজেপি সভাপতি ভৱেশ কলিতাই