ভাৰত-চীন সীমান্তৱৰ্তী টাৱাঙত ৬০০ ফুট দৈৰ্ঘৰ ত্ৰিৰংগ পতাকা প্ৰদৰ্শন - INDEPENDENCE DAY 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 9:54 PM IST

তেজপুৰ, ১৪ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অংশ হিচাবে ভাৰত-চীন সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাঙত বুধবাৰে বৃহৎ আকাৰৰ ত্ৰিৰংগ পতাকাৰে সমদল । টাৱাং জিলাৰ পেৰেড গ্ৰাউণ্ডৰ পৰা ভাৰতীয় সেনা আৰু টাৱাঙৰ বিধায়কৰ নেতৃত্বত ৬০০ ফুট দীঘল ত্ৰিৰংগ পতাকা প্ৰদৰ্শিত কৰা হয় ।

টাৱাঙৰ বিধায়ক নামগে চেৰিঙে নিজে ত্ৰিৰংগ পতাকাৰ লগত পদযাত্ৰা কৰি টাৱাঙৰ যুদ্ধ স্মাৰকত উপস্থিত হয় ৷ প্ৰায় ২০ হাজাৰ ফুট অতি উচ্চতাত ৬০০ ফুট দীঘল ত্ৰিৰংগা প্ৰদৰ্শিত কৰি বন্দে মাতৰম ধ্বনিৰে সমগ্ৰ ৰাজপথ ৰঙীন কৰি তোলে । এই যাত্ৰাৰ লগত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ত্ৰিৰংগা কংচাৰ্ট কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

ছাত্ৰ-ছাত্ৰীসকলে দেশভক্তিমূলক গীত পৰিৱেশন কৰাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশনো কৰা হয় । সেনাৰ ১৯০ মাউনটেণ্ট ব্ৰিগেডৰ দ্বাৰা বিভিন্ন ধৰণৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণৰ কাৰ্যসূচী আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নৃত্য-গীত পৰিৱেশন কৰা হয় ।

লগতে পঢ়ক : পুনৰ পৰাধীন হোৱাৰ দিশে আমি: কিয় ক্ষোভ উজাৰিলে প্ৰবীণ মুক্তিযোদ্ধাই ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.