মহাপুৰুষ হৰিদেৱৰ দ্বাৰা স্থাপিত প্ৰথমখন সত্ৰত আড়ম্বৰপূৰ্ণভাৱে পালন ৪৫৯ সংখ্যক তিৰোভাৱ তিথি - Death Anniversary Of Haridev - DEATH ANNIVERSARY OF HARIDEV
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-06-2024/640-480-21648214-thumbnail-16x9-barpeta-new.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jun 6, 2024, 12:48 PM IST
বৰপেটা, ৬ জুন : হৰিনামেৰে মুখৰিত হৈ পৰিছে বৰপেটাৰ বহৰি সত্ৰ ৷ কিয়নো আজি (বৃহস্পতিবাৰ) মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ৪৫৯ সংখ্যক তিৰোভাৱ তিথি ৷ যাৰ বাবে আড়ম্বৰপূৰ্ণভাৱে ঐতিহ্যমণ্ডিত বহৰি সত্ৰত পালন কৰা হৈছে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি ।
উল্লেখ্য যে, বহৰি সত্ৰ হ'ল মহাপুৰুষজনাৰ দ্বাৰা স্থাপিত প্ৰথমখন সত্ৰ । বুধবাৰৰ পৰাই সত্ৰৰ চৌহদ হাজাৰ হাজাৰ বন্তিৰ পোহৰেৰে উজ্জ্বলি উঠা দেখিবলৈ পোৱা গৈছে । মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ অন্যতম মুখ্য কাৰ্যসূচী হ'ল বন্তি প্ৰজ্বলন ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীশ্ৰী হৰিদেৱৰ অনুগামীসকলে বন্তি প্ৰজ্বলন কৰিবলৈ বহৰি সত্ৰত বুধবাৰে সন্ধিয়াৰ পৰাই সমবেত হোৱা দেখিবলৈ পোৱা গৈছে । এইবাৰৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি পুলিন গোস্বামীয়ে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই ৷
মহন্তই কয় যে অসমৰ চাৰি গুৰুৰ অন্যতম হ’ল মহাপুৰুষ হৰিদেৱ । আন তিনিজনা গুৰু হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ দামোদৰদেৱ । মহাপুৰুষ হৰিদেৱৰ বিষয়ে পৰ্যাপ্ত প্ৰচাৰ নোহোৱা বুলি মহন্তই আক্ষেপ কৰে ।
লগতে পঢ়ক : বৰপেটাৰ পাটবাউসীত মহাপুৰুষ দামোদৰদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি পালন - Death anniversary of Damodardev