১৫ টা বছৰ অতিক্ৰম কৰিলে যোগদল হত্যাকাণ্ডই - JOGDOL MURDER CASE
🎬 Watch Now: Feature Video


Published : Dec 13, 2024, 7:55 PM IST
হায়দৰাবাদ: যোগদল হত্যাকাণ্ড ৷ কাহানিও পাহৰিব নোৱৰা অসমৰ এক জীয়া অতীত ৷ ৰাজ্য কঁপাই যোৱা এই যোগদল হত্যাকাণ্ডই শুকুৰবাৰে ১৫টা বছৰ অতিক্ৰম কৰিলে । কিন্তু হৰকান্ত দলৈৰ ৬ জনীয়া পৰিয়ালটিয়ে আজিও ন্যায় নাপালে ।
পুনৰাই কোৱাৰ হয়তো প্ৰয়োজন নাই সেই নিশাৰ কথা... ৷ ২০০৯ চনৰ ১২ ডিচেম্বৰৰ মাজনিশা ঘৰত শুই থকা অৱস্থাত অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল হৰকান্ত দলৈৰ পৰিয়ালটোক । এই হত্যাকাণ্ডৰ সৈতে প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ নাম সেই সময়ত জড়িত হৈ পৰিছিল । সেয়ে আজি সোণাপুৰ নিউ মাৰ্কেটত অকণ বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ।
চি আই ডিয়ে ১৫ বছৰে তদন্ত কৰি দোষীক শাস্তি দিব নোৱৰাৰ বাবে এই তদন্ত চি বি আইক দিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদী আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে ।