এইবাৰ যোৰহাটত নিৰ্যাতনৰ বলি ১০ বছৰীয়া কিশোৰী : অপৰাধীৰ বিৰুদ্ধে যোৰহাট থানাত গোচৰ ৰুজু - sexual harassment in Jorhat

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 10:29 PM IST

thumbnail
এইবাৰ যোৰহাটত নিৰ্যাতনৰ বলি ১০ বছৰীয়া কিশোৰী (ETV Bharat Assam)

যোৰহাট, ২৭ আগষ্ট : ৰাজ্যত নাৰী নিৰ্যাতন ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পোৱা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে । তাৰ মাজতে যোৰহাটত সংঘটিত হৈছে আন এক যৌন নিৰ্যাতনৰ ঘটনা ।

যোৰহাটৰ নিকটৱৰ্তী অঞ্চলত এজন মধ্যবয়স্ক ব্যক্তিৰ কামনাৰ বলি হ'ল এগৰাকী ১০ বছৰীয়া কণমানি কিশোৰী । ৰুবুল আলী নামৰ ৬৫ বছৰীয়া এজন ব্যক্তিয়ে নিজৰ ভাৰাঘৰত থকা এটা পৰিয়ালৰ ১০ বছৰীয়া এগৰাকী কিশোৰীক ধনৰ প্ৰলোভন দেখুৱাই কেইবাদিনো ধৰি নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে এই সন্দৰ্ভত অভিযোগ কৰি কয়, "ৰুবুল আলীয়ে মোকো পাঁচ হাজাৰ টকাৰ প্ৰলোভন দেখুৱাই অসৎ কাৰ্যৰ প্ৰস্তাৱ দিছিল । কিন্তু মই তাত অমান্তি হওঁ । কিন্তু ইয়াৰ পিছত কণমানিটোক ফুচুলাই টকা দিম বুলি অসৎ কাম কৰে ।"

ইতিমধ্যে ধৰ্ষণকাৰ্যত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰুবুল আলীক গ্ৰেপ্তাৰ কৰিছে । লগতে যৌন নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে । ৰুবুল আলীৰ বিৰুদ্ধে 350/2024 US -74/75 BNS RW sec 8/12 of pocso Act-ৰ অধীনত যোৰহাট সদৰ থানাত গোচৰ ৰজু কৰা হৈছে । অৱশ্যে ৰুবুল আলীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক :নাৰী নিৰ্যাতন ৰোধত চৰকাৰ ব্যৰ্থতাকলৈ বিধানসভা চৌহদত কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ - Assam Assembly autumn session
লগতে পঢ়ক :৪৬ বছৰীয়া যুৱকৰ যৌন নিৰ্যাতন ৫ বছৰীয়া শিশুক - Sexual harassment Cases

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.