ETV Bharat / technology

আপুনিও প্ৰস্তুত কৰে নেকি Youtube ভিডিঅ’; তেন্তে এই খবৰ আপোনাৰ বাবে - YOUTUBE SHOPPING FEATURE IN INDIA

YouTube: ইউটিউবে ভাৰতত ইউটিউব শ্বপিং সুবিধা মুকলি কৰিছে । ইয়াৰ বাবে ইউটিউবে ফ্লিপকাৰ্ট আৰু মিণ্ট্ৰাৰ সৈতে অংশীদাৰিত্ব কৰিছে । এই সন্দৰ্ভত বিতংভাৱে জানো আহক -

youtube-introduces-its-shopping-affiliate-program-for-indian-creators
আপুনিও প্ৰস্তুত কৰে নেকি Youtube ভিডিঅ’; তেন্তে এই থবৰ আপোনাৰ বাবে (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Oct 26, 2024, 10:20 AM IST

Updated : Dec 11, 2024, 4:15 PM IST

হায়দৰাবাদ: জনপ্ৰিয় ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম ইউটিউবে শুকুৰবাৰে ভাৰতত ইউটিউব শ্বপিং সেৱা মুকলি কৰে । আলফাবেটৰ মালিকানাধীন কোম্পানীটোৱে দেশৰ ভিডিঅ’ সৃষ্টিকৰ্তাসকলক প্ৰদান কৰা মুদ্ৰাকৰণৰ বিকল্পসমূহ সম্প্ৰসাৰণৰ বাবে এই বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে ।

উল্লেখ্য যে অনুমোদিত মাৰ্কেটিং প্ৰগ্ৰেমটো পূৰ্বে দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ দৰে দেশত আৰম্ভ কৰা হৈছিল আৰু কোম্পানীটোৱে কয় যে যোগ্য সৃষ্টিকৰ্তাই তেওঁলোকৰ ভিডিঅ’ত ব্ৰেণ্ড টেগ কৰিব পাৰিব । ইউটিউব শ্বপিঙে মুকলিৰ সময়ত ভাৰতৰ দুটা প্ৰধান ই-কমাৰ্চ প্লেটফৰ্মৰ সৈতে কাম কৰিব । ই ৱেব, মোবাইল এপ আৰু সংযুক্ত টিভি (চিটিভি)ত অনুভূমিক ভিডিঅ’, লাইভষ্ট্ৰিম আৰু শ্বৰ্ট ভিডিঅ’ৰ বাবে উপলব্ধ হ’ব ।

ইউটিউব শ্বপিং ভাৰতত সৃষ্টিকৰ্তালৈ সম্প্ৰসাৰিত

ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মটোৱে জনোৱা মতে, শুকুৰবাৰৰ পৰা ভিডিঅ’ সৃষ্টিকৰ্তাসকলে ইউটিউব শ্বপিঙৰ বাবে চাইন আপ কৰিব পাৰিব । অনুমোদিত মাৰ্কেটিং প্ৰগ্ৰেমত যুক্ত হ’বলৈ এটা চেনেলৰ আবেদন অনুমোদন হ’লে তেওঁলোকে নিজৰ ভিডিঅ’, শ্বৰ্ট বা লাইভষ্ট্ৰিমত প্ৰডাক্ট আৰু খুচুৰা বিক্ৰেতাসকলক টেগ কৰিব পাৰিব । বিশেষ কথাটো হ’ল দৰ্শকে ভিডিঅ’টো এৰি নোযোৱাকৈয়ে সেই সামগ্ৰীসমূহ ব্ৰাউজ কৰিব পাৰিব ।

কোম্পানীটোৰ মতে, যেতিয়া দৰ্শকে লিংকটোত ক্লিক কৰি খুচুৰা বিক্ৰেতাৰ ৱেবছাইটত ক্ৰয় কৰিব তেতিয়া ভিডিঅ’ সৃষ্টিকৰ্তাই দৰ্শকৰ সমগ্ৰ ক্ৰয়ৰ ওপৰত লাভ পাব । ইয়াৰ বাবে ফ্লিপকাৰ্ট আৰু মিণ্ট্ৰাৰ সৈতে অংশীদাৰিত্ব কৰা হৈছে বুলি জনায় ইউটিউবে । টেগিং প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন সামগ্ৰীৰ লাভৰ হাৰ প্ৰদৰ্শিত হ’ব আৰু ভিডিঅ’ নিৰ্মাতাসকলে এটা ভিডিঅ’ত 30 টা পৰ্যন্ত সামগ্ৰী টেগ কৰিব পাৰিব ।

ইউটিউব শ্বপিঙৰ বাবে কোন যোগ্য হ’ব

ইউটিউব শ্বপিঙৰ বাবে কিছুমান যোগ্যতাৰ মাপকাঠী আছে, যিবোৰ চৰ্ত পূৰণ হ’ব লাগিব । ইয়াৰ বাবে ভিডিঅ’ ক্ৰিয়েটৰৰ চেনেলটো ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেমৰ অংশ হ’ব লাগিব । আৰু ভিডিঅ’ নিৰ্মাতাজন ভাৰতীয় হ'ব লাগিব আৰু তেওঁৰ চেনেলত 10 হাজাৰতকৈ অধিক চাবস্ক্ৰাইবাৰ থাকিব লাগিব । মেড ফৰ কিডছ বা মিউজিক চেনেলত ছেট কৰা চেনেলসমূহ এই প্ৰগ্ৰেমৰ বাবে চাইন আপ কৰাৰ যোগ্য নহয় ।

এই প্লেটফৰ্মে কিছুমান স্পৰ্শকাতৰ নীতিগত ক্ষেত্ৰত কমিউনিটি গাইডলাইন ষ্ট্ৰাইক থকা চেনেলসমূহক ইউটিউব শ্বপিং অনুমোদিত মাৰ্কেটিং প্ৰগ্ৰেমত যোগদান কৰাত বাধা দিব । ইয়াৰ উপৰিও দাবী কৰা বিষয়বস্তু থকা ভিডিঅ’ত প্ৰডাক্টৰ টেগ প্ৰদৰ্শিত নহ’ব বুলি ইউটিউবে প্ৰকাশ কৰিছে ।

YouTube Shopping ৰ বাবে কেনেকৈ চাইন আপ কৰিব

  • ইউটিউব শ্বপিং অনুমোদিত প্ৰগ্ৰেমত যোগদান কৰিবলৈ যোগ্য ইউটিউব চেনেলসমূহে ইউটিউব ষ্টুডিঅ’ ৱেবছাইটৰ জৰিয়তে চাইন আপ কৰিব পাৰে ।
  • প্ৰথমে ইউটিউব ষ্টুডিঅ’ত লগ ইন কৰি বাওঁফালে থকা মেনুৰ পৰা ‘Earn’ ত ক্লিক কৰক ।
  • তাৰ পিছত Program option ত গৈ 'Join Now' option ত ক্লিক কৰক ।
  • আপোনাৰ পৰ্দাত প্ৰদৰ্শিত সেৱাৰ চৰ্তসমূহ পঢ়ক আৰু প্ৰগ্ৰেমত যোগদান কৰিবলৈ সেইবোৰ accept কৰক ।

লগতে পঢ়ক: ইউটিউব চোৱাৰ সময়ত বিজ্ঞাপনৰ বাবে সমস্যাৰ সন্মুখীন হয় নেকি ? শীঘ্ৰে আহি আছে YouTube Premium Lite

Skip বুটাম এতিয়াও উপলব্ধ YouTube ত : জনালে YouTube ৰ মুখপাত্ৰই

Last Updated : Dec 11, 2024, 4:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.