ETV Bharat / technology

ব্যৱহাৰ কৰক বা নকৰক, স্মাৰ্টফোনটোৱে কিন্তু সকলো কথাই শুনে আপোনাৰ - DISADVANTAGES OF SMARTPHONE

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:00 PM IST

Smartphone listens everything : স্মাৰ্টফোনে আপোনাৰ সকলো কথা শুনি থাকে ৷ শোৱা কোঠাৰ পৰা বন্ধুৰ সৈতে পতা কথালৈকে সকলোবোৰেই ফোনটোৱে শুনে ৷ এই ছেটিংছ এতিয়াই বন্ধ কৰক, নহ’লে কোনো কথাই গোপনীয় হৈ নাথাকিব ।স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ আগতেই সুৰক্ষাৰ কথা ভাবি বহুতো ছেটিংছ আমি বন্ধ ৰখা দৰকাৰ ৷

your smartphone listens everything know how to stop it just follow these steps
বহুতো ছেটিংছ আমি বন্ধ ৰখা দৰকাৰ (ETV Bharat/ File)

স্মাৰ্টফোন আজি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে । সময়ৰ লগে লগে ইয়াৰ ব্যৱহাৰো বহুত বৃদ্ধি পাইছে । বেংকিঙৰ পৰা বজাৰ কৰালৈকে আমাৰ দৈনন্দিন জীৱনৰ বহু কাম আমি ফোনৰ সহায়তে কৰিছো । অৱশ্যে স্মাৰ্টফোন ব্যৱহাৰকাৰীসকল সদায় গোপনীয়তা আৰু সুৰক্ষাক লৈ চিন্তিত হৈ থাকে ।

প্ৰায়ে আমি কেমেৰা আৰু মাইক্ৰ’ফোনক মোবাইলত উপস্থিত এপ ব্যৱহাৰ কৰিবলৈ অনুমতি দিওঁ । ইয়াৰ বাবেই ফোন এটাই ব্যক্তি এজনৰ সকলো কথা শুনিব পাৰে । গুগল বা এপলে আমাৰ কথা শুনি থাকে নেকি বুলি সকলোৰে মনত এটা প্ৰশ্ন আছে ? উত্তৰটো শুনি আচৰিত হ’ব আপুনি, কিয়নো প্ৰকৃততে ফোনটোৱে আমাৰ সকলো কথাই শুনিব পাৰে ৷ আপুনি ফোনটো ব্যৱহাৰ কৰক বা নকৰক আপোনাৰ ফোনটোৱে আপুনি শোৱনি কোঠাৰ পৰা বন্ধুবৰ্গৰ সৈতে কি কথা পাতে সকলোবোৰ শুনে ৷

মন কৰিবলগীয়া কথা যে, স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে ফোনটো ব্যৱহাৰ কৰাৰ আগতে তেওঁলোকৰ ম'বাইলৰ কেমেৰা আৰু মাইকক ফোনটোত থকা প্ৰতিটো এপেই ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে । অনুমতি দিওঁতে আমি আমাৰ ডিভাইচটো কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰিম সেই বিষয়ে নাভাবো ! গোটেই খেলখন ইয়াৰ পৰাই আৰম্ভ হয়।

Google Voice Assistant ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰকাৰীয়ে মাইক্ৰ’ফোনৰ অনুমতি দিব লাগে । ইয়াৰ লগে লগে ভইচ এচিষ্টেণ্টে আপোনাৰ কণ্ঠৰ কাম আৰম্ভ কৰে । অৱশ্যে এই গুগল ভইচ এচিষ্টেণ্টে আপোনাৰ কথা শুনিছেই । কেৱল এয়াই নহয়, বহু ছ’চিয়েল মিডিয়া এপতো মাইক্ৰ’ফোনে অনুমতি বিচাৰে, য’ত ফেচবুকো অন্তৰ্ভুক্ত । ফেচবুকে ব্যৱহাৰকাৰীৰ পৰা এপ টেপ টু স্পিচ আৰু ভিডিঅ’ ছেটিঙৰ অনুমতি বিচাৰে আৰু মানুহেও চিন্তা নকৰাকৈয়ে ইয়াৰ অনুমতি দিয়ে । ই আপোনাৰ ব্যক্তিগত কথাও শুনিব পাৰে । অৱশ্যে এই সমস্যাৰ পৰা সহজেই পৰিত্ৰাণ পাব পাৰি ।

Android ব্যৱহাৰকাৰীয়ে সুৰক্ষাৰ বাবে কি কৰিব

যদি আপুনি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে, তেন্তে প্ৰথমে আপোনাৰ ফোনটোৰ ছেটিংছলৈ যাওক । ইয়াত Security and Privacy বিকল্পত ক্লিক কৰক । ইয়াৰ পিচত গোপনীয়তা বিকল্পলৈ যাওক । এতিয়া ইয়াত আপুনি মাইক্ৰ’ফোন, কেমেৰা আৰু অন্যান্য চেন্সৰৰ বিষয়ে তথ্য পাব । এতিয়া ইয়াৰ পৰা এপটোক দিয়া অনুমতিসমূহ ব্লক বা আঁতৰ কৰিব পাৰিব ।

iOS ব্যৱহাৰকাৰীয়ে সুৰক্ষাৰ বাবে কি কৰিব

iOS ব্যৱহাৰকাৰীসকলে প্ৰথমে Settings লৈ গৈ Security and Privacy option ত ক্লিক কৰক । ইয়াৰ পিচত ইয়াত মাইক্ৰ’ফোনৰ বিকল্পটো ওলাব । তাত ক্লিক কৰক । এতিয়া যিটো এপত মাইক্ৰ’ফোন নিবিচাৰে তাত ক্লিক কৰি আঁতৰাই পেলাওক ।

লগতে পঢ়ক : এটা এপৰ বাহাদুৰী: ফোন হেৰালেও চিন্তা নাই - How to find missing device

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.