ETV Bharat / technology

প্ৰজেক্ট ষ্ট্ৰ’বেৰী কি আৰু ইয়াক কিয় আটাইতকৈ শক্তিশালী AI মডেল বুলি কোৱা হৈছে ? - Project Strawberry

author img

By ETV Bharat Tech Team

Published : 4 hours ago

What is Project Strawberry: বিগত বহুদিন ধৰি কৃত্ৰিম বুদ্ধিমত্তা জগতখনত বিশেষভাৱে চৰ্চিত হৈছে প্ৰজেক্ট ষ্ট্ৰ’বেৰীৰ বিষয়ে । এই প্ৰজেক্টটো কি আৰু ইয়াৰ বিষয়ে কিয় ইমান চৰ্চা হৈছে । জানো আহক...

Etv Bharat
প্ৰজেক্ট ষ্ট্ৰ’বেৰী কি আৰু ইয়াক কিয় আটাইতকৈ শক্তিশালী AI মডেল বুলি কোৱা হৈছে ? (Etv Bharat)

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: আমেৰিকাৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) গৱেষণা সংস্থা OpenAI এ নতুন প্ৰকল্পৰ বাবে কাম কৰি আছে । যাৰ নাম প্ৰজেক্ট ষ্ট্ৰ’বেৰী । ই কোম্পানীটোৰ আটাইতকৈ উন্নত কৃত্ৰিম বুদ্ধিমত্তা মডেল বুলি কোৱা হয় । ইয়াৰ ক’ড নাম প্ৰজেক্ট ষ্ট্ৰ’বেৰী । চলিত বৰ্ষৰ অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত এই মডেল মুকলি কৰা হ’ব বুলি কোৱা হৈছে ।

ChatGPT বিকশিত কৰা কোম্পানী OpenAI এ এই নতুন প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে আৰু সমগ্ৰ বিশ্বতে চৰ্চালৈ আহিছে । প্ৰযুক্তিৰ জগতখনৰ লগত জড়িতসকলে প্ৰজেক্ট ষ্ট্ৰ’বেৰী নামটো নিশ্চয় শুনিছে । যিজনে ইয়াৰ বিষয়ে জ্ঞাত নহয় তেওঁলোকৰ মনত হয়তো প্ৰশ্ন উত্থাপন হৈছে এইটো কি বুলি । সহজ ভাষাত ক’বলৈ গ’লে এইটো এটা উন্নত কৃত্ৰিম বুদ্ধিমত্তা মডেল । OpenAI ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেনৰ তত্বাৱধানত এই প্ৰকল্পৰ কাম অব্যাহত আছে ।

প্ৰজেক্ট ষ্ট্ৰ’বেৰীৰ উদ্দেশ্য কি

প্ৰজেক্ট ষ্ট্ৰ’বেৰীক পূৰ্বে Q* নাম দিয়া হৈছিল । সংস্থাটোৰ কিছুমান কৰ্মচাৰীক Q* ৰ ডেমোও দেখুওৱা হৈছিল । ইয়াত এআই মডেলে কঠিন বিজ্ঞান আৰু গণিতৰ প্ৰশ্নবোৰৰ উত্তৰ দিছিল, যিবোৰ মানুহৰ বাবে অতি কঠিন । ষ্ট্ৰ’বেৰী প্ৰকল্পৰ উদ্দেশ্য কেৱল কঠিন প্ৰশ্নৰ উত্তৰ দিয়াই নহয়, এই মডেলটোক ইণ্টাৰনেটত স্বয়ংক্ৰিয়ভাৱে কাম কৰা আৰু বিভিন্ন পৰিকল্পনা তৈয়াৰ কৰাৰ বাবেও প্ৰস্তুত কৰি তোলা হৈছে ।

বিজ্ঞান আৰু গণিতত বৃহৎ সম্ভাৱনা

OpenAI এ এই প্ৰকল্পটো দীৰ্ঘ সময়ৰ বাবে ব্যৱহাৰ কৰাৰ লক্ষ্য বান্ধিছে । কোম্পানীটোৱে বিচাৰে যে ইয়াৰ এআই মডেলটোৱে ইণ্টাৰনেটত কাম কৰক । ষ্ট্ৰ‘বেৰীৰ বিকাশ এআইৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে । ইয়াৰ ফলত চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি হোৱাই নহয়, এআইক অধিক ব্যৱহাৰযোগ্য আৰু স্বাধীন কৰি তোলা হ’ব ।

কেতিয়া আৰম্ভ হ’ব প্ৰজেক্ট ষ্ট্ৰ’বেৰী?

একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি OpenAI এ অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত এই উন্নত AI মডেলটো মুকলি কৰাৰ পৰিকল্পনা কৰিছে । হয়তো এই নতুন AI মডেলটোক আটাইতকৈ উন্নত চেটবট ChatGPT-4o ৰ সৈতেও সংহত কৰিব পাৰি । যদিও প্ৰকল্পটোৰ বিষয়ে বিশেষ একো জনা নাযায়, তথাপিও নিশ্চিত কৰা হৈছে যে OpenAI এ এটা নতুন আৰু বৈপ্লৱিক AI বিকশিত কৰাৰ বাবে কাম কৰি আছে ।

OpenAI কোম্পানীয়ে কি বিচাৰে?

ছেম অল্টমেনৰ OpenAI এ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিপ্লৱ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ ষ্টাৰ্টআপে ব্যাপকভাৱে মনোযোগ আকৰ্ষণ কৰাৰ বাবে বিভিন্ন পৰিকল্পনা কৰি আছে । এতিয়া কোম্পানীটোৱে নিজৰ এআই মডেলসমূহক উন্নত কৰা কামসমূহ সম্পন্ন কৰিব বিচাৰিছে । ইয়াৰ উপৰিও আশা কৰা হৈছে যে "প্ৰজেক্ট ষ্ট্ৰ’বেৰী"ও ChatGPT 5 ৰ এটা অংশ হ'ব পাৰে ।

লগতে পঢ়ক: কৃত্ৰিম বুদ্ধিমত্তাই ধৰা পেলাব আপোনাৰ দেহৰ ৰোগ ! - AI detects cancerous tumours

ভুৱা কল-এছএমএছৰ সংখ্যা হ্ৰাসৰ বাবে ব্যৱহৃত হ’ব কৃত্ৰিম বুদ্ধিমত্তা - Al powered network solution

আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে - AI Professor in IIM Sambalpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.