ETV Bharat / technology

আধাৰ কাৰ্ডৰ অপৰাধৰ লগত জড়িতসকল সাৱধান ! জেললৈ যোৱাৰ লগতে ভৰিব পাৰে লাখ টকাৰ জৰিমনা - Aadhaar card fraud

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Aadhar Card Scam: আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি । অপৰাধীৰ হাতত পৰিলে ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে । সেয়ে ইয়াক সুৰক্ষিতভাৱে ৰখাটো জৰুৰী । আনহাতে, কোনোবাই যদি আধাৰ কাৰ্ডৰ অপব্যৱহাৰ কৰে তেন্তে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা আছে ।

Etv Bharat
আধাৰ কাৰ্ডৰ অপৰাধৰ লগত জড়িতসকল সাৱধান ! জেললৈ যোৱাৰ লগতে ভৰিব পাৰে লাখ টকাৰ জৰিমনা (Getty Image)

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: বৰ্তমান সময়ত আধাৰ কাৰ্ড নিতান্তই প্ৰয়োজনীয় এক নথি । প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ কামৰ বাবে ই বাধ্যতামূলক হৈ পৰিছে । আধাৰ কাৰ্ড হৈছে বৈধ পৰিচয় পত্ৰ আৰু ঠিকনা প্ৰমাণৰ নথি । ইয়াত এজন ব্যক্তিৰ ঠিকনাৰ পৰা আৰম্ভ কৰি জন্ম তাৰিখ, পিতৃ/স্বামীৰ নাম আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট কৰা হয় । এই গুৰুত্বপূৰ্ণ নথি প্ৰৱঞ্চকৰ হাতত পৰাটো মুঠেই নিৰাপদ নহয় ।

যদি কোনো পৰিস্থিতিত আপোনাৰ আধাৰ কোনো লোকৰ হাতত পৰে, তেন্তে ইয়াৰ দ্বাৰা আপুনি বহু বিপদত পৰিব পাৰে । গতিকে আপুনি যেনেকৈয়ে নহওক আপোনাৰ আধাৰ কাৰ্ডখন সুৰক্ষিত কৰি ৰখা উচিত ।

আধাৰ সম্পৰ্কীয় অপৰাধ আৰু শাস্তি

যদি কোনো ব্যক্তি আধাৰ সম্পৰ্কীয় জালিয়াতিৰ লগত জড়িত হয় তেন্তে তেওঁ শাস্তিৰ যোগ্য । ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি (UIDAI)ৰ তথ্য অনুসৰি আধাৰ সম্পৰ্কীয় 8 টা অপৰাধ আছে ৷ এইবোৰৰ সৈতে জড়িত থকাৰ অপৰাধত অপৰাধীক শাস্তি প্ৰদান কৰিব পাৰি ।

  1. মনোনয়নৰ সময়ত ভুৱা বায়’মেট্ৰিক তথ্য প্ৰদান কৰাটো অপৰাধ । ইয়াৰ শাস্তি 3 বছৰ পৰ্যন্ত কাৰাদণ্ড অথবা 10 হাজাৰ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে ।
  2. আধাৰ নম্বৰধাৰীৰ বায়’মেট্ৰিক তথ্য সলনি বা পৰিৱৰ্তন কৰাৰ চেষ্টা কৰাটো অপৰাধ । ইয়াৰ ফলত 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে ।
  3. অনুমোদিত কোনো সংস্থাৰ হৈ ভুৱাকৈ কোনো লোকৰ পৰিচয়ৰ তথ্য সংগ্ৰহ কৰাটো অপৰাধ । ইয়াৰ বাবে অভিযুক্তক 3 বছৰ পৰ্যন্ত কাৰাদণ্ড বা 10 হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে । লগতে অভিযুক্ত যদি কোনো কোম্পানী অথবা সংস্থা হয় তেন্তে 1 লাখ টকা জৰিমনা বা দুয়োটা শাস্তি হ’ব পাৰে ।
  4. নামভৰ্তি/প্ৰমাণীকৰণৰ সময়ত সংগ্ৰহ কৰা তথ্য কোনো অকৰ্তৃত্বশীল ব্যক্তিক প্ৰকাশ কৰাটো বা এই আইনৰ অধীনত কোনো চুক্তি বা বিধান উলংঘা কৰাটো অপৰাধ । ইয়াৰ বাবে এজন ব্যক্তিৰ বাবে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড বা 10 হাজাৰ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে ৷ ​​আনহাতে কোম্পানী এটাৰ বাবে 1 লাখ টকা বা দুয়োটা শাস্তি প্ৰদানৰ ব্যৱস্থা আছে ।
  5. কেন্দ্ৰীয় পৰিচয় তথ্য ভঁৰাল (CIDR)ৰ অকৰ্তৃত্বশীল প্ৰৱেশ আৰু হেকিং অপৰাধ । ইয়াৰ শাস্তি 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু নূন্যতম 10 লাখ টকা জৰিমনা হ’ব পাৰে ।
  6. কেন্দ্ৰীয় পৰিচয় তথ্য ভঁৰালত তথ্যৰ সৈতে হেতালি খেলাটো অপৰাধ হিচাপে গণ্য কৰা হয় । যাৰ শাস্তি 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 হাজাৰ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে ।
  7. অফলাইন পৰীক্ষণ বিচৰা ব্যক্তিয়ে পৰিচয়ৰ তথ্য অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত কাৰাদণ্ড বা 10,000 টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে । যিকোনো কোম্পানীৰ ক্ষেত্ৰত 1 লাখ টকা বা দুয়োটাই শাস্তি ভুগিব লগা হ’ব পাৰে ।

লগতে পঢ়ক: শীঘ্ৰেই বিনামূলীয়াকৈ আপডেট কৰক আধাৰকাৰ্ড; নহ’লে ভৰিব লাগিব জৰিমনা - UPDATE AADHAAR CARD

আপোনাৰ আধাৰ কাৰ্ডৰ ফটো কিদৰে সলনি কৰিব ? অনলাইন আপডেট সম্ভৱ নেকি ? জানক সবিশেষ - AADHAAR CARD PHOTO UPDATE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.