আজিকালিৰ সময়ত হেকাৰ মানুহৰ বাবে বিভিন্ন সমস্যাৰ লগতে অন্য এটা মূৰৰ কামোৰণি । ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ডিভাইচলৈকে সকলো হেকাৰৰ কবলত পৰে ৷ এণ্ড্ৰইডৰ লগতে হেকাৰে আই অ’ এছৰ ওপৰতো চকু ৰাখিছে । অৱশ্যে এনেকুৱা নহয় যে হেকাৰৰ পৰা নিজক বচাই ৰাখিব নোৱাৰি ৷ কেইটামান টিপছ প্ৰয়োগ কৰি হেকাৰ আৰু প্ৰৱঞ্চকৰ পৰা নিজকে বচাই ৰাখিব পাৰি ।
তলত উল্লেখ কৰা হৈছে কিছুমান সহজ টিপছ ৷ যিবোৰ প্ৰয়োগ কৰি আপুনি আপোনাৰ স্মাৰ্টফোনটো আৰামত ব্যৱহাৰ কৰিব পাৰিব আৰু ই দুষ্ট চকুৰ পৰাও সুৰক্ষিত থাকিব ।
1. পাছৱৰ্ডটো কঠিন কৰক
2. কেৱল অফিচিয়েল এপ্পসমূহ ইনষ্টল কৰক
3. ৰাজহুৱা ৱাই-ফাইত ভিপিএন ব্যৱহাৰ কৰক
4. ফোন লক কৰাৰ প্ৰকৃত পদ্ধতি শিকক
5. ফোনৰ ডাটাৰ দৈনিক বেকআপ জৰুৰী
6. সুৰক্ষিত নহয় ফেচ আনলক
পাছৱৰ্ড কঠিন কৰক: আপোনাৰ ফোনটো সুৰক্ষিত কৰিবলৈ, প্ৰথমে আখৰ (বৃহৎ আৰু সৰু দুয়োটা), সংখ্যা আৰু চিহ্নসমূহ একত্ৰিত কৰি এটা শক্তিশালী পাছৱৰ্ড সৃষ্টি কৰক ।
কেৱল অফিচিয়েল এপসমূহ ইনষ্টল কৰক: তৃতীয়-পক্ষৰ এপ্পবোৰে এটা প্লেটফৰ্মত একাধিক সেৱা একত্ৰিত কৰে ৷ যাৰ ফলত একাউণ্টৰ বাবে ভাবুকি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । সেয়ে কেৱল অফিচিয়েল এপ ইনষ্টল কৰক ।
ৰাজহুৱা ৱাই-ফাইত ভিপিএন ব্যৱহাৰ কৰক: ৰাজহুৱা ৱাই-ফাই হটস্পটৰ সৈতে সংযোগ কৰাৰ সময়ত, আপুনি আপোনাৰ মোবাইল ডাটা এনক্ৰিপ্ট কৰিবলৈ আৰু আপোনাৰ অনলাইন কাৰ্যকলাপসমূহ ৰাজহুৱা দৃষ্টিৰ পৰা সুৰক্ষিত কৰিবলৈ এটা ভাৰ্চুৱেল ব্যক্তিগত নেটৱৰ্ক ব্যৱহাৰ কৰক । ভিপিএন ব্যৱহাৰ কৰিলে বহুতো সুবিধা পোৱা যায় । ই কেৱল ট্ৰেনজিটত থকা ডাটাক সুৰক্ষিত কৰাই নহয়, ডিজিটেল ফুটপ্ৰিণ্টো নাইকিয়া কৰি তোলে, যাতে আপোনাৰ ডিভাইচত কোনেও চকু ৰাখিব নোৱাৰে ।
ফোনটো লক কৰাৰ নিৰাপদ উপায় জানি লওক: ফোনটোৰ বাবে সৰ্বোত্তম বিকল্প হৈছে ডিভাইচটো দূৰৈৰ পৰা লক কৰিব পৰাটো । আচলতে এই পদ্ধতিয়ে ফোনটো হেৰাই গ’লেও বা চুৰি হ’লেও ডাটাক অপব্যৱহাৰৰ পৰা ৰক্ষা কৰে ।
ফোনৰ ডাটাৰ দৈনিক বেকআপ লওঁক: আপোনাৰ ফোনৰ ডাটা দৈনিক বেকআপ কৰাটো স্মাৰ্ট কাম । আইঅএছ আৰু এণ্ড্ৰইড দুয়োটা ডিভাইচেই পোনপটীয়া বেকআপ সমাধান আগবঢ়ায় ।
ফেচ আনলক নিৰাপদ নহয়: ফেচলক ডিভাইচটো লক-আনলক কৰাৰ এটা সহজ উপায় হ’ব পাৰে । কিন্তু ফিংগাৰপ্ৰিণ্ট বা পাছকোডতকৈ ই অধিক অসুৰক্ষিত । এনে পৰিস্থিতিত ফেচ আনলক এৰাই চলিব লাগে ।
লগতে পঢ়ক : বিপজ্জনক হৈ পৰিছে স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা, ডিপ্ৰেছন আহে লাহে লাহে - Smartphone Addiction And Depression